অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংসদত প্ৰথমটো ভাষণ প্ৰদান কৰে।প্ৰথম ভাষণত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে সংসদৰ চৌহদত স্থাপন হ'ব লাগে সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি।বৈশ্যই কয়-'১৯৬২ চনৰ চীনৰ আক্ৰমণৰ সময়ত আমাৰ সেনাবাহিনী যিমান শক্তিশালী হ'ব লাগিছিল,তেনে শক্তিশালী নাছিল।সেই সময়ত ডঃ ভূপেন হাজৰিকাই ভাৰতীয় সেনাবাহিনী আৰু জাতিক উদ্বুদ্ধ কৰাৰ বাবে 'হেনো হিমালয় ভাৰতৰ প্ৰহৰী' শীর্ষক গীতটো ৰচনা কৰিছিল।'বৈশ্যই ৰাজ্যসভাত সুধাকন্ঠৰ কালজয়ী গীতটোৰ এটা কলিও আওৰায়।
সাংসদগৰাকীয়ে কয় যে ডঃ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে অসমীয়া জাতিয়ে বহু পূৰ্বৰে পৰা বিচাৰিছিল যদিও জাতিৰ সেই দাবীক মানি লোৱা নাছিল পূৰ্বৰ চৰকাৰসমূহে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াভাৱে সেই জাতিৰ দাবীক বাস্তৱ ৰূপ দিয়াৰ বাবে সংসদৰ মজিয়াতে মোডীক ধন্যবাদ জনায় বৈশ্যই।
- Log in to post comments
- 7 views