গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাত যাত্ৰীয়ে নিপিন্ধে লাইফ জেকেট -উদ্বিগ্ন কৰ্তৃপক্ষ

feri

নিউজ ডেস্ক :
ব্ৰহ্মপুত্ৰৰ বুকুৰে চলাচল কৰা গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ফেৰীসেৱাত যাত্ৰীৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰৰ জল পৰিবহন বিভাগে গ্ৰহণ কৰি আহিছে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা। যোৱা বর্ষত সংঘটিত হোৱা বহু কেইটা নাওঁ দুৰ্ঘটনাৰ পাছত প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰা ভট-ভটী আৰু মেচিন নাওঁ সমূহ বন্ধ কৰাৰ পাছত যোৱা এমাহ পূৰ্বে বিভাগে যাত্ৰীৰ সুৰক্ষাৰ বাবে প্ৰতিখন চৰকাৰী ফেৰীত লাইফ জেকেট আৰু লাইফবয়ৰ ব্যৱস্থা কৰিছে।সেই অনুসৰি গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে যাত্ৰা কৰোঁতে প্ৰতিগৰাকী যাত্ৰীয়ে পৰিধান কৰিব লাগে লাইফ জেকেট আৰু লাইফ বয়। কিন্তু পৰিতাপৰ কথা এই য়ে প্ৰতিখন ফেৰীতে যাত্ৰী সকলক নিজৰ নিজৰ সুৰক্ষাৰ বাবে ফেৰী কৰ্তৃপক্ষই লাইফ জেকেট পৰিধান কৰি লবলৈ দিয়াৰ পাছতো অধিকাংশ ফেৰী যাত্ৰীয়ে পৰিধান নকৰে এই জেকেট।feri2

বিশেষকৈ গুৱাহাটীৰ আৰু উত্তৰ-গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সমূহত প্ৰতিদিনে অহা যোৱা কৰা যাত্ৰী সকলেই এই জেকেট পৰিধান নকৰে বুলি এক অভিযোগ উত্থাপন কৰিছে ফেৰী কৰ্তৃপক্ষই। লগতে তেওঁলোকে জানিবলৈ দিয়ে যে বাহিৰৰ পৰা যিসকল যাত্ৰী আহে তেওঁলোকৰ প্ৰায় সকলোৱে পৰিধান কৰে লাইফ জেকেট। উল্লেখ যে জল-পৰিবহনৰ কৰ্মচাৰী সকলে জানিবলৈ দিয়া অনুসৰি যাত্ৰীসকলৰ মাজত সজাগতাৰ অভাৱৰ বাবেই যাত্ৰী সকলে পৰিধান নকৰে এই জেকেট।

আনহাতে জল পৰিবহন বিভাগে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে নদী যাত্ৰী সুৰক্ষা সমিতি সৈতে একেলগ হৈ যাত্ৰী সকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব।ইফালে ফেৰী সেৱাৰ কৰ্মচাৰী সকলৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি যাত্ৰী সকলক লাইফ জেকেট পৰিধান কৰাটো বিভাগে বাধ্যতামূলক কৰিছে যদিও এই ক্ষেত্ৰত কঠোৰ নহয় জল পৰিবহন বিভাগ।যাৰ বাবে যাত্ৰী সকলে নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ নকৰে পোছাকযোৰ। সেয়েহে তেওঁলোকৰ দাবী বিভাগে যদি লাইফ জেকেট পৰিধান নকৰা ব্যক্তিসকলক জৰিমনা বিহা নিয়ম প্ৰস্তুত কৰে তেতিয়া সকলো যাত্ৰীয়ে ব্যৱহাৰ কৰিব পোছাক।আৰু ফেৰী দুর্ঘটনা হলেও যাত্ৰীসকলক নিৰাপদে উদ্ধাৰ কৰিব পৰা যাব।

Your Comments