এনআৰচিত বাদ পৰা প্ৰতিগৰাকী হিন্দুকে প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব- অমিত শ্বাহ 

amit sah

নিউজ ডেস্ক :
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অবমাননা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে মঙলবাৰে সদনত সদম্ভে ঘোষণা কৰে এনআৰচি পৰা নাম বাদ পৰা প্ৰতিগৰাকীৰ হিন্দুক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। তাৰ বাবে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব।লগতে গৃহমন্ত্ৰী গৰাকীয়ে কয় হিন্দুৰ বাহিৰে যিসকল বিদেশী এনআৰচি জৰিয়তে চিনাক্ত হব সেই সকলক এজন এজনকৈ দেশৰ পৰা বহিস্কাৰ কৰা হ'ব।

ইফালে গৃহমন্ত্ৰী গৰাকীয়ে সদনত উল্লেখ কৰা অনুসৰি ভাৰতবর্ষৰ অন্যান্য ৰাজ্যসমূহতো অতি শীঘ্ৰে আৰম্ভ হব এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া।

উল্লেখ্য যে খিলঞ্জীয়া অসমীয়াৰ দলিল হিচাপে চিহ্নিত হোৱা এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব অহা ৩১জুলাইত।

Your Comments