নিউজ ডেস্ক :
নিত্য নতুন বিতৰ্কৰে বাতৰিৰ শিৰোনামা দখল কৰি অহা জনস্বাস্থ্য কাৰিকৰী বিভাগে এইবাৰ বোলছবি নিৰ্মানৰ নামত এক বিয়াগোম দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
মঙ্গলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত তথ্যসহ এই অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই।
তেওঁ কয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ অধীনত বিভাগটোৱে স্বচ্ছ ভাৰতৰ কাম সমূহ প্ৰচাৰ কৰাৰ বাবে "অজানিতে মনে মনে" বুলি এখন অসমীয়া ছবি নিৰ্মাণ কৰি উলিয়াইছিল।
কিন্তু এই ছবি খন নিৰ্মান কৰাৰ নামতো বিভাগটোৰ এচাম বিষয়া আৰু অভিযন্তাই চলাইছে তীব্ৰ লুণ্ঠন। এই অসমীয়া ছবিখন নিৰ্মাণৰ সকলো তথ্য বিচাৰি আৰ টি আই কৰি অসমীয়া যুৱ মঞ্চই লাভ কৰিছিল লুণ্ঠনৰ বহু বিস্ফোৰক তথ্য।
অজানিতে মনে মনে নামৰ এই ছবি খন নিৰ্মান কৰাৰ বাবে বাজেট ধার্য কৰা হৈছিল ৪৪ লাখ ২৬ হাজাৰ ৫০০ টকা। কিন্তু ইয়াৰ বিপৰীতে ছবিখনৰ প্ৰচাৰৰ নামত খৰছ কৰিছিল ৪০ লাখ ৬৬ হাজাৰ ২৭৭ টকা। ইমান টকা খৰছ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে স্বাস্থতাক লৈ নিৰ্মাণ কৰা ছবি খনৰ কথা সাধাৰণ মানুহতো বাদেই বিভাগটোৰে বহু সংখ্যক বিষয়া কৰ্মচাৰীয়ে আজিলৈ গম নাপায় বুলি মন্তব্য কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান গৰাকীয়ে।
তেওঁ লগতে কয় যে ছবি খন নিৰ্মাণ কৰিম বুলি ভবা বিষয়া সকলে ছবি খনৰ প্ৰচাৰৰ নামত প্ৰতিজী কমিনিকেচন আৰু আউতৰীশ এডভেটাইজিংৰ মাধ্যমেৰে প্ৰচাৰৰ খৰছৰ নামত ৪০ লাখ ৬৬ হাজাৰ ২৭৭ টকা উলিয়াই লৈ যায়।
এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ আৰু প্ৰচাৰৰ নামত লাখ লাখ টকা খৰচ কৰাৰ পিছতো অসমৰ ৰাইজটো বাদেই তেওঁলোকৰ বিভাগৰ আন আন বিষয়া কৰ্মচাৰীয়ে কিয় সেই ছবি খনৰ কথা গম নাপালে বুলি ৰিহন দৈমাৰীক প্ৰশ্ন কৰে সচিব প্ৰধান গৰাকীয়ে।
গতিকে মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বাধীন এই বিভাগটোয়ে প্ৰতিটো আচনিতে কেনেদৰে লুণ্ঠন চলাইছে এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে।
দুৰ্নীতি মুক্ত অসম আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ এনেহেন লুণ্ঠনৰ কথা অৱগত হোৱাৰ পিছতো কিয় বৰ্তমান লৈকে কোনো ব্যৱস্থা লোৱা নাই সেয়াও এতিয়া ৰহস্য হৈ পৰা বুলিও তেওঁ কয়।
- Log in to post comments
- 5 views