আন্ত:ৰাষ্ট্ৰীয় কৃষ্ণভক্তি সংস্থা 'ইস্কন'ৰ জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত মুখ্য অতিথি হ'ব পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰৎ জাহান।উল্লেখ্য যে নিখিল জৈন নামৰ এজন জৈন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত সংসদলৈ শিৰত সেন্দুৰ লৈ তথা খাৰু,শাৰী পৰিধান কৰি অহাৰ বাবে এচাম মৌলবীৰ ৰোষত পৰিছিল নুছৰৎ।তেওঁৰ বিৰুদ্ধে দেওবন্দৰ একাংশ মৌলবীয়ে ফটোৱা জাৰি কৰিছিল।
ইফালে,'ইস্কন'ৰ সকলো ধৰ্মকে সন্মান কৰাৰ বিচাৰধাৰাৰ সৈতে নুছৰতৰ বিচাৰধাৰাৰ মিল থকাৰ বাবেই সাংসদগৰাকীক ৰথযাত্ৰালৈ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে বুলি সদৰি কৰিছে ইস্কনে।আনহাতে,বছিৰহাট সমষ্টিৰ সাংসদ নুছৰতে মন্তব্য কৰিছে যে তেওঁ ধৰ্মনিৰপেক্ষ আছিল,এতিয়াও ধৰ্মনিৰপেক্ষ আৰু ভৱিষ্যতেও হৈ থাকিব।সকলো ধৰ্মক সন্মান কৰাৰ তেওঁৰ বিচাৰধাৰাৰ কেতিয়াও পৰিৱৰ্তন নহয়।
- Log in to post comments
- 27 views