নিউজ ডেস্ক:
বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহৰ সংগঠন 'জি-২০'ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জাপানৰ অ'ছাকাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।অ'ছাকা বিমানবন্দৰত মোডীয়ে অৱতৰন কৰাৰ পিছতেই তেওঁৰ গুণমুগ্ধসকলে 'মোডী মোডী' শ্লোগান দিয়ে।
উল্লেখ্য যে আজি মোডীয়ে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু
আবেৰ সৈতে আলোচনাত মিলিত হ'ব।বাণিজ্য আৰু অন্যান্য বিষয়ত দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত আলোচনা হ'ব।শুকুৰবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰে সাক্ষাৎ হ'ব প্ৰধানমন্ত্ৰী মোডীৰ।
- Log in to post comments
- 14 views