১৯৮৪ চনৰ পঞ্জাব কেডাৰৰ আইপিএছ বিষয়া সামন্ত গোৱেলক ভাৰতীয় গুপ্তচৰ সংস্থা 'ৰিচাৰ্ছ এণ্ড এনালিটিকেল ৱিঙ'(ৰ')ৰ প্ৰমুখ হিচাপে নিযুক্তি দিয়া হৈছে।উল্লেখ্য যে শেহতীয়াকৈ গোৱেলে এটা বিশেষ কাৰ্যত সফলতা অৰ্জন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডী তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
বালাকোট আক্ৰমণৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল এই গোৱেলেই।গোৱেলৰ নিখুঁত পৰিকল্পনা সফল কৰি তুলিছিল ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে।স্মৰণযোগ্য যে পাকিস্তানৰ বাবে এটা আতংকৰ নাম ৰ'।
- Log in to post comments
- 25 views