ৰাজনৈতিক প্ৰতিশোধ নে নিয়ম উলংঘা:অন্ধ্ৰত ভাঙি পেলোৱা হ'ল চন্দ্ৰবাবু নাইডুৰ অট্টালিকা 'প্ৰজা বেদিকা'

naidu

অন্ধ্ৰ প্ৰদেশত আৰম্ভ হৈছে নেকি প্ৰতিশোধৰ ৰাজনীতি?অন্ধ্ৰৰ ৰাজধানী অমৰাৱতীস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপি অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৰ মুখ্যমন্ত্ৰীত্বৰ কালৰ চৰকাৰী কাম- কাজ কৰাৰ কাৰ্যালয় 'প্ৰজা বেদিকা' বুধবাৰে অন্ধ্ৰ চৰকাৰৰ নির্দেশত ভাঙিবলৈ আৰম্ভ কৰাত এই প্ৰশ্নই উত্থাপন হৈছে।


উল্লেখ্য যে ৫ কোটি টকাৰে চন্দ্ৰবাব নাইডুৰ বাবে বিগত টিডিপি চৰকাৰে নিৰ্মাণ কৰা এই অট্টালিকাটো নৈৰ পাৰত নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা বাবে ভঙা হৈছে বুলি প্ৰশাসনে উল্লেখ কৰিছে।

naidu
ইফালে,ৱাইএছআৰ কংগ্ৰেছৰ চৰকাৰৰ এজন মন্ত্ৰীয়ে মন্তব্য কৰিছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী বিৰোধী দলৰ নেতা হৈ থাকোঁতে তেওঁৰ সৈতে চন্দ্ৰবাবু নাইডুৱে যেনে ব্যৱহাৰ কৰিছিল, এতিয়া নাইডুৰ সৈতেও একে ব্যৱহাৰ কৰা হ'ব।

Your Comments