কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশৰ ৪ জামাত সন্ত্ৰাসবাদী

jamat

নিউজ ডেস্ক:

ন্ত্ৰাস দমন স্কোৱাড তথা স্পেচিয়েল টাস্ক ফ’ৰ্চৰ(এছটিএফ)-ৰ এটা দলে আজি এক অভিযান চলাই  কলকাতাৰ শিয়ালদহ আৰু হাওৰা ৰেলৱে ষ্টেচনত বাংলাদেশৰ কুখ্যাত জেহাদী সংগঠন জামাত উল মুজাহিদিনৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত বাতৰি মতে,গোপন সূত্ৰৰ পম খেদি এছটিএফৰ বিষয়াসকলে হাওৰা আৰু শিয়ালদহত ফান্দ পাতে। উক্ত ফান্দত প্ৰথমে আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ(আই এছ) সহযোগী বাংলাদেশৰ জামাত উল মুজাহিদিনৰ দুজন সদস্য ধৰা পৰে। ধৃত এই দুজন জেহাদীক জেৰা কৰি হাওৰা আৰু শিয়ালদহৰ পৰা পিছত তেওঁলোকৰ সহযোগী আন দুজন দুৰ্ধ্বৰ্ষ সন্ত্ৰাসবাদীকো গ্ৰেপ্তাৰ কৰা হয়। ধৃত আটাইকেইজন সন্ত্ৰাসবাদীয়েই বাংলাদেশৰ বাসিন্দা বুলি জেৰাত সদৰী কৰিছে। ধৃত এই চাৰি জেহাদীক আজি কলকাতাৰ বেংকশাল আদালতত হাজিৰ কৰোৱা হয়। আদালতে চাৰি সন্ত্ৰাসবাদীক এছটিএফৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

পশ্চিমবঙ্গৰ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, প্ৰথমে জিলাউৰ ৰহমান আৰু মামনুৰ ৰছিদ নামৰ জামাতৰ দুজন সদস্যক এছটিএফৰ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰে। ধৰা পৰাৰ লগে লগেই এই দুই জামাত সদস্যই জনায় যে তেওঁলোক বাংলাদেশৰ বাসিন্দা। পিছত জেৰা কৰি তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত হাওৰা আৰু শিয়ালদহৰ পৰাই আন দুই জেহাদীক গ্ৰেপ্তাৰ কৰা হয়। চোৰাংচোৱা সূত্ৰই জনায়, ধৃত জামাত সদস্য চাৰিজনৰ পৰা নিষিদ্ধ ঘোষিত পাকিস্তানী সন্ত্ৰাসবাদী তথা জইছ ই মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ ভিডিঅ’ উদ্ধাৰ কৰা হৈছে। মাছুদৰ এই ভিডিঅ’ দেখুৱাই অধিক সদস্য সংগ্ৰহ কৰাৰ উদ্দেশ্যেই তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছে বুলি স্বীকাৰ কৰিছে।

জানিব পৰা মতে বাংলাদেশৰ এই সন্ত্ৰাসবাদীসকলে কলকাতাৰ সমীপবৰ্তী উলুবেৰিয়াত এটা ঘৰ ভাৰাত লৈ বসবাস কৰি আছিল। তেওঁলোক ছোচিয়েল মিডিয়াতো সক্ৰিয় আছিল। আৰু ছোচিয়েল মিডিয়াৰ জৰিয়তেই জেহাদী সংগঠনটোৰ কাৰণে সদস্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তদুপৰি বাংলাদেশৰ পৰা ভাৰতত আহি তেওঁলোকে জামাতৰ কাৰণে টকাও সংগ্ৰহ কৰি আছিল বুলি ধৃতসকলে স্বীকাৰ কৰিছে। উল্লেখ্য যে বাংলাদেশত জামাত উল মুজাহিদিনে আই এছৰ বাংলাদেশৰ শাখা হিচাপেই কাম কৰি আছে। সম্প্ৰতি বাংলাদেশত জামাতৰ সংগঠন বিস্তাৰৰ লগে লগে ভাৰততো ছোচিয়েল মিডিয়াৰ জৰিয়তে সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে। এই ধৃত জেহাদীসকলৰ লগত ভাৰতত সন্ত্ৰাসবাদী স্লিপাৰ চেলবিলাকৰ যোগাযোগ আছে নেকি সেই সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে চোৰাংচোৱা বিভাগে।

Your Comments