নিউজ ডেস্ক :
কামাখ্যাৰ অম্বুবাচী মেলালৈ মাজত মাথোঁ দুটা দিন । সেয়েহে এতিয়া ইয়াকে লৈ তৎপৰ হৈ পৰিছে আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন। বুধবাৰে মহানগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যানবাহান শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই এক সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেল খনত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে অম্বুবাচী মেলালৈ অহা ভক্ত সকলৰ বাবে মুঠ ৬টা শিবিৰৰ ব্যৱস্থা কৰা হৈছে। তাৰে ৩ তা শিবিৰ থাকিব ফাঁচী বজাৰৰ পুৰণি জেইল চৌহদত। বাকী পাণ্ডুত এটা , বৰিপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যা ৰ সমীপৰ নাহৰবাৰীত এটা। ৪০ হাজাৰতকৈ অধিক ভক্ত থাকিব পাৰিব উক্ত শিবিৰ কেইটাত থাকিব পাৰিব বুলিও তেওঁলোকে মন্তব্য প্ৰকাশ কৰে।
আনহাতে তেওঁলোকে জনাই যে উক্ত দিনকেইটাৰ বাবে ২৯ টা খাদ্য ভাণ্ডাৰা আৰু ৪০ তা পানীৰ ভাণ্ডাৰাও নিযুক্তি দিয়া হ'ব । এইবাৰ ব্যক্তিগত ভাণ্ডাৰাৰ অনুমতি দিয়া হোৱা নাই। কাৰোবাৰ যদি খাদ্য বিতৰণ কৰিবলৈ ইচ্ছা থাকে তেনেহলে শিবিৰত গৈ খাদ্য বিতৰণ কৰিব পাৰিব।
তেওঁ লগতে কামাখ্যা মন্দিৰৰ ওপৰলৈ যোৱা মূল পথকে ধৰি অন্য তিনিটা পথও ব্যৱহাৰ কৰিবলৈ দৰ্শনাৰ্থীক আহ্বান জনায়।
বিভিন্ন শিবিৰত থকা ভক্ত সকলক অনা নিয়া কৰিবৰ বাবে ৮০ খন বাছ বাহন পৰিবহন নিগমৰ পৰা যোগান ধৰা হ'ব । ইয়াত মুঠ দুটা তথ্য কেন্দ্ৰ থাকিব। য'ত স্বাস্থ্য সেৱা তথা তথ্যৰ সকলো সুবিধা লাভ কৰিব পাৰিব ভক্ত সকলে। তথ্য কেন্দ্ৰ দুটা কামাখ্যা ৰেলৱে ষ্টেচন আৰু কামাখ্যালৈ উঠি যোৱা মূল দুৱাৰৰ কাষত থাকিব বুলিও জিলা উপায়ুক্ত ৰ গৰাকীয়ে জানিবলৈ দিয়ে।
যানবাহনৰ কথা উল্লেখ কৰি যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয়: ওপৰলৈ উঠিবৰ বাবে কোনো বাহনকে অনুমতি দিয়া নহয়। কাৰণ বাহন সমূহ ওপৰলৈ নিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু বৃদ্ধ বৃদ্ধা , গৰ্ভৱতী মহিলা, কেঁচুৱা থকা মহিলা আৰু দিব্যাংগ সকলৰ বাবে ৪০ খন ফেৰী কাৰ ৰ ব্যৱস্থা কৰা হ'ব । ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলিব এই ফেৰী কাৰ সমূহ।
দূৰণীবতিয়া বাহন সমূহ জালুকবাৰী ৰ পৰা মহানগৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ বিপৰীতে আই এছ বি টিত এই বাহন সমূহ পাৰ্কিং কৰিব পাৰিব। আৰু দীনেশ গোস্বামী পথত ভৰলুৰ পৰা জালুকবাৰীলৈকে বস্তু কঢ়িওৱা বাহনকে আদি কৰি অন্য কোনো ধৰণৰ বাহন চলা চল কৰিব নোৱাৰিব। বিমানবন্দৰলৈ যোৱা বাহন সমূহকো অন্য পথেৰে যাবৰ বাবে সকলো ৰাইজকে অনুৰোধ যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে
অম্বুবাচী মেলাৰ চাৰিদিনৰ বাবে মুঠ ২৫০ জন ট্ৰেফিক পুলিচ নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
- Log in to post comments
- 25 views