কনিষ্ঠ চিকিৎসকে মানি ন'ললে মমতা বেনাৰ্জীৰ কামত যোগ দিয়াৰ অনুৰোধ:ধৰ্মঘট অব্যাহত থাকিব

mamata

নিউজ ডেস্ক:
পশ্চিমবংগৰ ধৰ্মঘটকাৰী কনিষ্ঠ চিকিৎসকসকলক মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কামত যোগ দিয়াৰ অনুৰোধ জনাইছে।সকলো বৈধ দাবী মানি লোৱা বুলিও বেনাৰ্জীয়ে জনাইছে।কিন্তু চিকিৎসকসকলে মুখ্যমন্ত্ৰীৰ অনুৰোধ মানি ল'বলৈ অস্বীকাৰ কৰিছে।


তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীয়ে কোনো সততাপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই।ধৰ্মঘট অব্যাহত থাকিব।উল্লেখ্য যে কনিষ্ঠ চিকিৎসকসকলে মমতা বেনাৰ্জীৰে  সচিবালয়ত আলোচনা কৰিবলৈও অমান্তি হৈছিল।

Your Comments