ছাংহাই সহযোগিতা সন্মিলনৰ ঘোষণাপত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ পোষকতা

modi

নিউজ ডেস্ক:

কিৰ্গীস্তানৰ ৰাজধানী বিস্কেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সন্মিলনৰ যৌথ ঘোষণাপত্ৰত সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্ৰাসবাদক বৃহৎ প্ৰত্যাহ্বান বুলি উল্লেখ কৰা হয়।ঘোষণাপত্ৰখনত সন্ত্ৰাসবাদৰ সকলো ৰূপকে তীব্র নিন্দা কৰা হয়।সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ যুঁজাৰ ওপৰত গুৰুত্ব দিয়া হয়।


উল্লেখ্য যে ভাৰতে উত্থাপন কৰা সন্ত্ৰাসবাদৰ বিৰোধিতাৰ বিষয়সমূহক অন্যান্য অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহে যৌথ  ঘোষণাপত্ৰত গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰাটো ভাৰতৰ বাবে কূটনৈতিক বিজয় হিচাপে চিহ্নিত হৈছে।

Your Comments