দেশজুৰি চিকিৎসকৰ ধৰ্মঘট: প্ৰয়োজনীয় চিকিৎসা পোৱাৰ পৰা বঞ্চিত ৰোগী

doc

পশ্চিমবংগত ৰোগীৰ আত্মীয়ই চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰতিবাদত  পশ্চিমবংগৰ চিকিৎসক সকলে চলাই থকা ধৰ্মঘটৰ প্ৰতি দেশৰ বিভিন্ন ৰাজ্যৰ চিকিৎসকসকলে সমৰ্থন জনাইছে।নাগপুৰ,জয়পুৰ,ৰায়পুৰ,দিল্লী আদি চহৰ-মহানগৰত চিকিৎসকসকলে ৰাজপথৰ লগতে চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।

 

ইফালে দিল্লীৰ 'এইমছ'ৰ আৱাসিক চিকিৎসকসকলৰ সংস্থাই পশ্চিমবংগৰ আইন-শৃংখলাৰ পৰিস্থিতি অতি ভয়লগা হৈ পৰিছে বুলি উল্লেখ কৰিছে।চিকিৎসকৰ হোষ্টেলত দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ লৈ আক্ৰমণ কৰাৰ দৰে ঘটনা ঘটিছে বুলি তেওঁলোকে উল্লেখ কৰিছে।ইফালে,চিকিৎসকৰ ধৰ্মঘটৰ বাবে দেশজুৰি ৰোগীসকলে প্ৰয়োজনীয় চিকিৎসা পোৱাৰ পৰা বঞ্চিত হৈছে।

Your Comments