ছিঙ্গুৰত পুনৰ টাটাক উভতাই আনিবলৈ তৎপৰ বিজেপি

mamata

নিউজ ডেস্ক:

পশ্চিম বঙ্গৰ ছিঙ্গুৰত টাটাৰ মটৰ গাড়ী কাৰখানা নিৰ্মাণৰ বিৰুদ্ধে প্ৰবল কৃষক আন্দোলনৰ ফলতেই বাঁওমৰ্চা তথা চিপিআই-এম চৰকাৰৰ পতন ঘটিছিল। অৱসান ঘটিছিল বাঁওমৰ্চাৰ ৩৪ বছৰীয়া শাসনৰ। শাসন ক্ষমতালৈ আহিছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দল। সেই সময়ত মমতাৰ আন্দোলনক সমৰ্থন কৰা ভাৰতীয় জনতা পাৰ্টী এইবাৰ সম্পূৰ্ণ ওলোটা খৰ মাৰি সেই ছিঙ্গুৰতেই কাৰখানা গঢ়ি তোলাৰ বাবে টাটাক উভতাই আিনবলৈ সৰৱ হৈ পৰিছে।

বুধবাৰে ছিঙ্গুৰত পৰিত্যক্ত কাৰখানা এলেকাত টাটাক পুনৰ উভতাই আনি কাৰখানা স্থাপন কৰাৰ দাবীত বিজেপিয়ে  বিশাল সমাৱেশৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু ছিঙ্গুৰত কাৰখানা স্থাপনৰ দাবীক ভিত্তি কৰিয়েই ৰাজ্যখনত মমতাৰ চৰকাৰৰ পতন ঘটাবলৈও পৰিকল্পনা কৰিছে বিজেপিয়ে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত পশ্চিমবঙ্গত অভাৱনীয় জয় লাভৰ পিছত ছিঙ্গুৰত দাবী উঠিছে, কৃষি নহয়, ছিঙ্গুৰত কাৰখানাহে লাগে। বিজেপি হুগলি জিলা নেতৃত্বৰ উদ্যোগত চলিত সপ্তাহতেছিঙ্গুৰত উদ্যোগ স্থাপনৰ দাবত সমাৱেশ কৰা’বঅহা ১৪ জুনহুগলি জিলা বিজেপি এই সমাৱে অনুিষ্ঠত হ’ব।। সমাৱে নেতৃত্ব দিব নৱ নির্বাচিত সাংসদ লকেট চট্টোপাধ্যায় ছিঙ্গুৰত টাটা যিকোনো প্ৰকাৰে উভতাই অনা হ’ব বুলিও তেওঁ আশ্বাস দিয়েরাজ্যখনত কর্মসংস্থাসৃষ্টি কৰাই বিজেপিৰ ঘাই লক্ষ্য আৰু সেই লক্ষ্যেৰেই এতিয়াৰে পৰা বিজেপিয়ে কাম আৰম্ভ কৰিব বুলি সাংসদগৰাকীয়ে ঘোষণা কৰে।

তেওঁ কয় যে মমতা বেনাৰ্জীৰ আন্দোলনৰ ফলতে  ছিঙ্গুৰত কাৰখানা স্থাপন বন্ধ কৰি টাটাই পশ্চিমবঙ্গৰ পৰাই বিদায় লৈছিল। সাৰুৱা কৃষি ভূমিত ননো কাখানা গঢ়ি তোলাৰ  প্রতিবাদত হোৱা আন্দোলনক সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ সকলো শীৰ্ষ নেতাই  মমতার আন্দোলনৰ কাষত থিয় দিছিল। এতিয়া সেই বিজেপিয়েই ছিঙ্গুৰত টাটাক উভতাই আনিবলৈ তৎপৰ হৈ পৰিছে। সেই সময়ৰ মমতাৰ সোঁহাত মুকুল রায়ৰ  এতিয়াস ভাষ্য হৈছে- টাটা কারখানা বিরোধিতা সিদ্ধান্ত ভুল ছিল।

Your Comments