কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২ জোৱান ছহিদ

kashmir

নিউজ ডেস্ক:

জম্মু-কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীসকলৰ এটা দলে আজি পুনৰ ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলায়। এই আক্ৰমণত দুজন জোৱান  ছহিদ হোৱাৰ লগতে আন তিনিজন জোৱান আহত হয়। প্ৰাপ্ত বাতৰি মতে কাশ্মীৰ উপত্যকাৰ অনন্তনাগৰ কে পি ৰোড এলেকাত সন্ত্ৰাসবাদীৰ এটা দলে সেনাবাহিনী আৰু অৰ্ধ সামৰিক বাহিনীৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়। সেনাবাহিনীৰ সূত্ৰই জনোৱা মতে এই আক্ৰমণত অৰ্ধ সামৰিক বাহিনীৰ দুজন জোৱানৰ থিতাতে মৃত্যু ঘটে আৰু আহত হয় আন তিনিজন জোৱান। হতাহতৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলিও জনোৱা হৈছে।

নিৰাপত্তা বাহিনীৰ সূত্ৰই কয় যে সন্ত্ৰাসবাদীৰ আত্মঘাতী গোটে এই আক্ৰমঁণ চলোৱা বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে কেইমাহমান পূৰ্বে কাশ্মীৰৰ পুলোৱামাত ভাৰতীয় সেনাবাহিনী কনভয়ৰ ওপৰত কুখ্যাত পাকিস্তানী সন্ত্ৰাসবাদী জইছ ই মহম্মদৰ এটা গোটে ভয়ংকৰ আক্ৰমণ চলাইছিল। উক্ত আক্ৰমণত ৪০ জন জোৱান হিদ হ। সেই ঘটনার পিছৰে পৰা সন্ত্ৰাসবাদীয়ে আন কেইবাটাও আক্ৰমণ চলাইছে। যোৱা তিনিটা মাহত সেনা আৰু সন্ত্ৰাসবাদীৰ কেইবাটাও সংঘৰ্ষত কেইবাজনো জোৱান ছহিদ হোৱাৰ লগতে ভালেসংখ্যক সন্ত্ৰাসবাদী নিহত হৈছে। ইতিমধ্যে অনন্তনাগৰ উক্ত সমগ্ৰ এলেকা আৰক্ষী আৰু সেনাবাহিনীয়ে ঘেৰি লৈ অভিযান আৰম্ভ কৰিছে। সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীয়াগুলি চলি আছে বুলি জানিব পৰা গৈছে।

Your Comments