সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ আহ্বান মোডীৰ

mod

 

নিউজ ডেস্ক:

ভাৰত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ মালদ্বীপত দুদিনীয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি শ্ৰীলংকাৰ কলম্বোত উপস্থিত হয়হি। দেশখনত ইষ্টাৰ উৎসৱৰ সময়ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত শ্ৰীলংকা ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী মোডীয়েই হৈছে প্ৰথমগৰাকী ৰাষ্ট্ৰপ্ৰধান। শ্ৰীলংকাৰ কলম্বো বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক বিপুলভাবে সম্বৰ্ধনা জনোৱা হয়। শ্ৰীলংকাত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনৰ ৰাষ্ট্ৰপতি মৈত্ৰীপাল ছিৰিসেনাক সাক্ষাৎ কৰে। উল্লেখ্য, বিগত দহদিনৰ ভিতৰত মোডী আৰু ছিৰিসেনার এয়া দ্বিতীয়বাৰৰ সাক্ষাৎ। ইতিপূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল।

দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে এক আলোচনাত মিলিত হয়। উভয়েই সন্ত্ৰাসবাদ আৰু বিভিন্ন দ্বিপাক্ষিক বিষয়ত মত বিনিময় কৰে। উভয় ৰাষ্ট্ৰপ্ৰধানেই সন্ত্ৰাসবাদক এক ‘যৌথ ভাবুকি’ হিচাপে চিহ্নিত কৰে আৰু এই বিপদৰ বিৰুদ্ধে সমূহীয়াভাবে যুঁজিব লাগিব বুলি ঐকমত্য পোষণ কৰে।

modi

  

ভাৰতীয় বৈদেশিক দপ্তৰৰ মুখপাত্ৰ ৰৱীশ কুমাৰে সাংবাদিকক কয়, উভয় দেশৰ দুই শীৰ্ষনেতাই দ্বিপাক্ষিক সহযোগিতামূলক বিভিন্ন বিষয়ত আলোচনা কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোডীৰ সন্মানত বিশেষ ভোজমেলৰ আয়োজন কৰে। রাষ্ট্ৰপতি ছিৰিসেনাই প্ৰধানমন্ত্ৰী মোডীক বুদ্ধদেৱৰ ধ্যানৰত এক মূৰ্তি উপহাৰ হিচাপে প্ৰদান কৰে। ছিৰিসেনাই কয়, এয়া বিশেষ অতিথিৰ কাৰণে বিশেষ উপহাৰ। উল্লেখ্য যে শ্ৰীলংকাৰ অনুৰাধাপুৰত প্ৰাচীন মূল বুদ্ধ মূৰ্তিৰ প্ৰতিৰূপ এই মুৰ্তি বিগত দুবছৰ ধৰি শিল্পীয়ে তৈয়াৰ কৰিছে। বগা চেগুন কাঠেৰে এই মূৰ্তি তৈয়াৰ কৰা হৈছে।

যোৱা এপ্ৰিল মাহত ইষ্টাৰৰ উৎসৱৰ সময়ত সন্ত্ৰাসবাদীয়ে শ্ৰীলংকাৰ ছেণ্ট এন্থনী গীৰ্জাত ভয়াৱহ বোমা বিস্ফোৰণ সংঘটিত হয়। প্ৰধানমন্ত্ৰী মোডীয়ে উক্ত গীৰ্জালৈ গৈ বিস্ফোৰণত নিহত লোকসকলৈল শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয়, এএই কাপুৰুষোচিত কাৰ্যই শ্ৰীলংকাক পৰাজিত কৰিব নোৱাৰে।

মোডীয়ে ৰাষ্ট্ৰপতি ছিৰিসেনাৰে হোৱা আলোচনা ফলপ্ৰসূ বুলি মন্তব্য কৰে। তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি মাহিন্দা ৰাজাপকছে আৰু দেশখনৰ অন্যান্য নেতৃবৰ্গকো সাক্ষাৎ কৰে।

Your Comments