দ্বিপাক্ষিক ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মালদ্বীপত

modi

নিউজ ডেস্ক:

দ্বিপাক্ষিক ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি সন্ধিয়া মালদ্বীপৰ ৰাজধানী মালেত উপস্থিত হয়। মালে বিমানবন্দৰত তেওঁ দেশখনৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা শ্বাহিদে বিপুলভাৱে আদৰণি জনায়। ৰাজধানী মালেৰ ৰিপাবলিক স্কোৱাৰত ৰাষ্ট্ৰপতি ইব্ৰাহিম ছোলিয়েও প্ৰধানমন্ত্ৰী মোডীক উষ্ণ আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰেৰেও সন্মানিত কৰা হয়। উল্লেখ্য যে দ্বিতীয় বাৰৰ বাবে এনডিএ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত  এয়াই তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোডীৰ দ্বিপাক্ষিক ভ্ৰমণকালছোৱাত  মালদ্বীপ চৰকাৰে তেওঁক দেশখনৰ সৰ্বোচ্চ সন্মান ‘ৰুল অৱ নিচান ইজ্জুদ্দিন’ বঁটাৰে সন্মানিত কৰে। আজি নিশা মোডীয়ে মালদ্বীপৰ সংসদতো ভাষণ প্ৰদান কৰে। ভাষণত তেওঁ কয়, বৰ্তমান সন্ত্ৰাসবাদ হৈছে আটাইতকৈ ডাঙৰ বিপদ। দুয়োখন দেশে ঐক্যবদ্ধভাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিব লাগিব। ভ্ৰমণকালত মোডী আৰু ৰাষ্ট্ৰপতি ছোলিয়ে মালদ্বীপত দুটাকৈ যুটীয়া প্ৰকল্প ক’ষ্টেল ছাৰ্ভেইলেন্স ৰাডাৰ ছিষ্টেম আৰু মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ কম্প’জিট ট্ৰেইনিং চেণ্টাৰৰ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মালদ্বীপত অৱতৰণ কৰিয়েই সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কয় যে ‘প্ৰতিবেশী প্ৰথম’ হৈছে ভাৰতৰ নীতি। লগতে তেওঁ কয়, ইতিহাস আৰু সাংস্কৃতিক দিশৰ পৰা সুদীৰ্ঘ কালৰে পৰা দুয়োখন দেশ আৱদ্ধ। মোডীৰ এই ভ্ৰমণকালতে মালদ্বীপত ভাৰতীয় পৰ্যটকৰ আগমন বৃদ্ধিৰ কাৰণে ৰুপে কাৰ্ডো ইছ্যু কৰা হ’ব। মালদ্বীপ চৰকাৰৰ সৈতে ভাৰতৰ কেইবাখনো চুক্তিও স্বাক্ষৰিত হ’ব।

মালদ্বীপ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰীলংকা ভ্ৰমণলৈ ৰাওনা হ’ব।

Your Comments