তুৰস্কত অনুষ্ঠিত আন্তর্জাতিক কোৰাণ পাঠ প্রতিযোগিতাত কৃতিত্ব অর্জন কৰিমগঞ্জৰ মনজুৰ আহমেদৰ 

turaska

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :

তুৰস্কত সদ্য অনুষ্ঠিত হোৱা কোৰান পাঠ(কিৰাত) প্রতিযোগিতাত অংশগ্ৰহণ কৰি ষষ্ঠ স্থান আজুৰি আনিলে অসমৰ মনজুৰে। জানিব পৰা মতে বিশ্বৰ মুঠ ৮৭ খান ৰাষ্ট্ৰৰ ৮৭ জন প্রতিযোগীয়ে অংশগ্ৰহণ কৰা
 উক্ত প্ৰতিযোগিতাত ভাৰৰবর্ষৰ পৰা একমাত্ৰ প্ৰতিযোগী হিচাপে অংশ গ্রহণ কৰিছিল অসমৰ কৰিমগঞ্জ জিলাৰ  কালীগঞ্জৰ বাসিন্দা আব্দুল মন্নানৰ পুত্র মনজুৰ আহমেদে।barak

প্ৰতিযোগিতা খনত ৮৭ খন দেশৰ পতাকাৰ লগতে মনজুৰেও  ভাৰতীয় পতাকা হাতত লৈ থিয় হৈছিল। বহুকেইখন ৰাষ্ট্রৰ বহুকেইজন প্রতিযোগীক নিজৰ মেধাৰে পিছ পেলাই অভিলেখ সৃষ্টি কৰি অৱশেষত মনজুৰে দখল কৰিবলৈ সক্ষম হ'ল  ষষ্ঠস্থান।barak2

প্ৰতিযোগিতাখনৰ শেষত তুৰস্কৰ ৰাষ্ট্রপতিৰ হাতেৰে  কৃতিত্বৰ এই বঁটা গ্রহণ কৰিলে অসমৰ  মনজুৰ আহমেদে।
সোমবাৰে নিজ জন্মস্থানত উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। মনজুৰৰ ঘৰ আৰু গৃহ গাওঁত বহু লোকে ভিৰ কৰে মনজুৰক শুভেচ্ছা জনাবলৈ। সম্বৰ্ধনাৰে উপচাই পেলোৱা হয় মনজুৰক।

Your Comments