জাপানৰ কাৱাছাকি চহৰত মঙলবাৰে পুৱা সংঘটিত এটা গণচুৰিকাঘাতৰ ঘটনাত দুগৰাকী নাগৰিকৰ মৃত্যু হয়।চহৰখনৰ এটা বাছষ্টেণ্ডৰ সমীপত এজন পঞ্চাশ উৰ্ধ ব্যক্তিয়ে যধেমধে মানুহক চুৰিকাঘাত কৰিবলৈ আৰম্ভ কৰাত আহত হয় স্কুলীয়া ছাত্রীকে ধৰি ১৭ গৰাকী নাগৰিক।পিছত হাস্পতালত এগৰাকী স্কুলীয়া ছাত্ৰী আৰু এজন ৩৯ বছৰ বয়সীয়া নাগৰিকৰ মৃত্যু হয়।
চুৰিকাঘাত কৰা ব্যক্তিজনেও নিজৰ শৰীৰত চুৰিৰে আঘাত কৰাত তেওঁৰো মৃত্যু হয়।জাপানত এনে ধৰণৰ জঘন্য হিংসাত্মক ঘটনাৰ সংখ্যা যথেষ্ট কম হোৱাৰ পৰিপ্ৰেক্ষিতত ঘটনাটোৱে দেশখনত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 5 views