ইভিএম নিষিদ্ধ কৰি পুনৰ বেলট প্ৰৱৰ্তন কৰক - উপমন্যু হাজৰিকা

u hazarika

নিউজ ডেস্ক :

ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ পৰা ইভিএম আঁতৰাই পুৰণি  বেলট পেপাৰৰ মাধ্যমেৰে ভোট প্ৰদান পদ্ধতি সংযোজন ঘটাব লাগে।কাৰণ ইভিএম ব্যবস্থাৰ ওপৰত সমাজৰ সন্দেহ আছে।আনহে নালাগে এই কথাটো বিশৰ্ব আগশাৰীৰ কেইবাখনো ৰাষ্ট্ৰই ইভিএম ভোটিং ব্যৱস্থা নিষিদ্ধ কৰি পুৰণি বেলত ব্যবস্থাকে পুনৰ গ্ৰহণ কৰিছে।এই মন্তব্য যোৱা সপ্তদশ লোকসভাৰ নিৰ্বাচনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ।

আজি প্ৰাৰ্থী গৰাকীয়ে গুৱাহাটীৰ উজানবজাৰ স্থিত প্ৰব্ৰজন বিৰোধী মঞ্চৰ কাৰ্য্যালয়ত বিগত লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশ সামৰি এক সংবাদ মেল সম্বোধন কৰি কয় যে মই গুৱাহাটী সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত বিফল হোৱাত মোৰ কোনো আক্ষেপ নাই। কিন্তু প্ৰায় ১৭,৬৩,৭৫৭টা ভোট প্ৰদান হোৱা  সমষ্টিটোত মই মাত্ৰ ২১,১১৪টা ভোট লাভ কৰাটোহে মোৰ বাবে এটা নুবুজা সাঁথৰ। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰায় ৪০দিন ধৰি মই আৰু মোৰ সতীৰ্থ সকল প্ৰচাৰ কাৰ্যত অৱৰ্তীন হৈছিলোঁ ।

প্ৰচাৰৰ সময়ত ৰাইজৰ পৰা যি সঁহাৰি আৰু সহযোগিতা পাইছিলোঁ তাৰ তুলনাত মই লাভ কৰা ভোটৰ সংখ্যা তেনেই নগণ্য। ইয়াৰ উপৰিও তেওঁ কয় সংসদীয় সমষ্টিটোত প্ৰায় ৯০%তকৈ অধিক ইভিএমত মোৰ নামত ভোট প্ৰদান কৰিছে।সমষ্টিৰ প্ৰায়ভাগ এলেকাত সমান্তৰালভাৱে এটাৰ পৰা ১০টালৈ ভোট মোৰ নামত পৰিছে ,কিন্তু তাৰ পাছতো মোৰ ভোটৰ সংখ্যা অতি নিম্নহোৱাটো  মোৰ সমৰ্থক আৰু সতীৰ্থ সকলৰ বাবে এটা আচাৰ্যজনক কথা।

ইয়াৰ উপৰিও তেওঁ কয় ২০১৪চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰতি এক প্ৰত্যক্ষ ঢৌ আছিল।সেই সময়ত সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰা বিজেপি প্ৰাৰ্থী বিজয়া চক্ৰৱতীয়ে ভোট পাইছিল ৫০.৫৯শতাংশ কিন্তু এইবাৰ বিজেপিৰ প্ৰতি কোনো তেনেকুৱা ঢৌ নাছিল।বৰঞ্চ শাসকীয় দলটোৰ বিৰূদ্ধে খিলঞ্জীয়া ৰাইজৰ এটা ক্ষোভ আছিল । তাৰ পাছতো বিজেপিৰ ভোট বৃদ্ধি পালে ৫৭ শতাংশলৈ। ইয়ো আমাৰ বাবে এটা সন্দেহৰ বিষয়। সেয়েহে ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাত সকলোৱে বিশ্বাস আৰু আস্থা ৰাখিব পৰাকৈ পুনৰ বেলত ব্যৱস্থা সংযোজন কৰিব লাগে। এই সম্পৰ্কত আগন্তক দিনত নিৰ্বাচন আয়োগলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথাও চিন্তা চৰ্চা কৰি থকা বুলিও অৱগত কৰে হাজৰিকাই।

Your Comments