নিউজ ডেস্ক :
# ক'লা শাখাত জিলা হিচাপত সৰ্বাধিক ৮৯.৫২ শতাংশ উত্তীৰ্ণৰে প্ৰথমস্থানত পুনৰ জিলিকিল বানে গৰকাৰ ধেমাজি।জিলা খনৰ পৰা এইবাৰ মুঠ অৱৰ্তীন হৈছিল ৬০৩১ গৰাকী পৰীক্ষাৰ্থী তাৰে ৩১০গৰাকী প্ৰথম বিভাগ, ২০৭০ গৰাকী দ্বিতীয় বিভাগ আৰু ৩০১৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।জিলা খনৰ পৰা মুঠ উত্তীণ হৈছা ৫৩৯৯ গৰাকীৰ ছাত্ৰ-ছাত্ৰী।
#কলা শাখাত উত্তীৰ্ণৰ ক্ষেত্ৰত সৰ্বনিম্ন জিলা হৈছে চিৰাং ।জিলা খনত উত্তীৰ্ণৰ হাৰ ৫৬.৩৬ %। এইবাৰ জিলা খনৰ পৰা মুঠ ৩১১২ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীন হৈছিল।তাৰে ২১০ গৰাকী প্ৰথম বিভাগ,৫৩২গৰাকী দ্বিতীয় বিভাগ আৰু ১০১২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । জিলাখনত মুঠ উত্তীৰ্ণ হৈছে ১৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী।
#একেদৰে বিজ্ঞান শাখাত ৯২.৪৩ শতাংশ উত্তীৰ্ণৰে প্ৰথম স্থানত জিলিকিল যোৰহাট জিলা।জিলা খনৰ পৰা মুঠ ১৭০৫ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীন হৈছিল।তাৰে ৯৯৪ গৰাকী প্ৰথম বিভাগত,৫১৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৬৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।জিলাখনত মুঠ ১৫৭৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।উল্লেখ যে এইবাৰ কলা শাখাত ৰাজ্যখনৰ পৰা পৰীক্ষাত অৱৰ্তীন হৈছিল ১৭,৮৯৯৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উত্তীৰ্ণ হৈছে ১৩৪৪৯৬ গৰাকী ছাত্ৰ ছাত্ৰী।উত্তীৰ্ণ হাৰ ৭৫.১৪ শতাংশ।
#আনহাতে বিজ্ঞান শাখাত ৭১.৯৩ শতাংশ উত্তীৰ্ণৰে উত্তীৰ্ণৰ ক্ষেত্ৰত সৰ্বনিম্ন জিলা হৈছে চিৰাং।এইবাৰ জিলা খনৰ পৰা মুঠ ৩৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈছিল।তাৰে উত্তীৰ্ণ হৈছে ২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী।প্ৰথম বিভাগত ১০০ গৰাকী, দ্বিতীয় বিভাগত ১৩৫ গৰাকী,তৃতীয় বিভাগত ২৬৯গৰাকী উত্তীৰ্ণ হৈছে।
উল্লেখ যে এইবাৰ বিজ্ঞান শাখাত অৱৰ্তীন হৈছিল ৰাজ্যখনৰ ৩৬,৪৬৯গৰাকী ছাত্ৰ-ছাত্ৰী ।তাৰে উত্তীৰ্ণ হৈছে ৩১,৫৭৭ গৰাকী ছাত্ৰ-ছাত্ৰী। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৬.৫৯ শতাংশ।
#ইফালে বাণিজ্যক শাখাত ৯৫ শতাংশ উত্তীৰ্ণৰে ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থানত থকা জিলা হৈছে দক্ষিণ শালমৰা। জিলাখনৰ পৰা এইবাৰ বাণিজ্যিক শাখাত অৱৰ্তীন হৈছিল ৪০গৰাকী ছাত্ৰ-ছাত্ৰী।তাৰে ১১গৰাকী প্ৰথম বিভাগ,২২ গৰাকী দ্বিতীয় বিভাগ আৰু ৫গৰাকী তৃতীয় বিভাগত উত্তীণ হৈছে। মুঠ উত্তীণ হৈছে ৩৮গৰাকী ছাত্ৰ-ছাত্ৰী।
#ইফালে বাণিজ্যিক শাখাত ৬৮.৮৩ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন জিলা হৈছে কোকৰাঝাৰ।জিলা খনৰ পৰা এইবাৰ বাণিজ্যিক শাখাত অৱৰ্তীন হৈছিল ১৫৪গৰাকী ছাত্ৰ ছাত্ৰী।তাৰে ১৩ গৰাকী প্ৰথম বিভাগ ,৩০গৰাকী দ্বিতীয় বিভাগ আৰু ৬৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।মুঠ উত্তীৰ্ণ হৈছে ১০৬ গৰাকী ছাত্ৰ-ছাত্ৰী।
উল্লেখ যে এইবাৰ ৰাজ্যখনত বাণিজ্যিক শাখাত অৱৰ্তীন হৈছিল ১৭৭৯৭ গৰাকী ছাত্ৰ-ছাত্ৰী।তাৰে উত্তীৰ্ণ হৈছে ১৫,৫৮৯ গৰাকী ছাত্র -ছাত্ৰী। উত্তীৰ্ণৰ শতকৰা হাৰ ৮৭.৫৯ শতাংশ।
- Log in to post comments
- 27 views