নিৰ্মাণৰত পথত ভাঙি পৰিল কালভাৰ্ট, দুৰ্ভোগ ভৰালটোলা বাসীৰ

baharghat

নৰেন শৰ্মা,বাহাৰঘাট,২৪ মে :

ঠিকাদাৰে নিৰ্মাণ কৰি থকা অৱস্থাতে এটি পথৰ কালভাৰ্ট ভাঙি পৰাত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰগাছা ভৰালটোলাত ৰাইজে যন্ত্ৰণা ভোগ কৰিব লগা অৱস্থা হৈছে৷উল্লেখযোগ্য যে যোৱা বছৰ সমষ্টিটোৰ অন্তৰ্গত বৰগাছা ভৰালটোলাৰ পৰা কামৰূপ জিলাৰ হাজো সমষ্টিৰ দক্ষিণশিংৰা সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল৷দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত যন্ত্ৰণা ভোগ কৰা অঞ্চলটোৰ ৰাইজে বৰ্তমানৰ বিধায়ক গৰাকীৰ তৎপৰাতাত  বৰগাছাৰ পৰা ভৰালটোলা চুবুৰি হৈ কামৰূপ জিলাৰ দক্ষিণশিংৰা সংযোগী পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷গড়কাপ্তানি বিভাগৰ নলবাৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মাণৰত পথটিৰ দায়িত্ব লাভ কৰিছিল প্ৰভাৱশালী এজন ঠিকাদাৰে৷  ঠিকাদাৰ জনে আৰম্ভণিৰে পৰা কামটো লেহেমীয়া গতিৰে আগবঢ়োৱাৰ লগতে প্ৰায়ে নম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠি আহিছিল। কিন্তু নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ দুইদিন মানৰ পিছতেই সামান্য চাৰিচকীয়া গাড়ী এখন উঠোতেই উক্ত পথত থকা এটা  কালভাৰ্ট ভাঙি ৰাইজক চৰম যন্ত্ৰণা ভোগাইছে৷ নিৰ্মাণকাৰ্য্য চলি থকা অৱস্থাতে স্থানীয় ৰাইজে বিভাগক ঠিকাদাৰ জনৰ দুৰ্নীতিৰ বিষয়ে অৱগতয়ো কৰিছিল যদিও বিভাগটোৱে কোনো গুৰুত্ব দিয়া নাছিল বুলিও এতিয়া বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ৷ ৰাইজৰ অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰি এতিয়া সেই পথটোতে থকা কালভাৰ্ট ভাঙি পৰাৰ পিছত বিভাগটোৱে কি ভূমিকা লয় সেয়াহে লক্ষণীয় হ'ব৷ স্থানীয় ৰাইজে ইয়াৰ এটা উচিত তদন্তৰো দাবী তুলিছে৷ আনহাতে পথটিৰ নিৰ্মাণ কাৰ্য্য ক্ষীপ্ৰতৰ কৰিবলৈও চৰকাৰক দাবী কৰিছে৷

Your Comments