নিউজ ডেস্ক :
বৃহস্পতিবাৰে ঘোষিত দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলে ৰাজ্যৰ চাৰিগৰাকী বিধায়কক সংসদলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে।ফলত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত পুনৰ অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন।সেই অনুসৰি উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগা বিধানসভা সমষ্টিকেইটা হৈছে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা তপন গগৈয়ে প্ৰতিনিধিত্ব কৰা সোণাৰি বিধানসভা সমষ্টি, তেজপুৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা পল্লৱ লোচন দাসে প্ৰতিনিধিত্ব কৰা ৰঙাপাৰা বিধানসভা সমষ্টি,কৰিমগঞ্জ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত কৃপানাথ মাল্লাই প্ৰতিনিধিত্ব কৰা ৰাতাবাৰী বিধানসভা সমষ্টি আৰু বৰপেটা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে প্ৰতিনিধিত্ব কৰা জনিয়া বিধানসভা সমষ্টি।
উল্লেখ্য যে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগা চাৰিটা বিধানসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে বিজেপি দলৰ পৰা কেইবাগৰাকী সম্ভাব্য প্ৰাৰ্থীৰ নাম চৰ্চিত হৈছে।সেই অনুসৰি সোণাৰি বিধানসভা আসনখনৰ বাবে নাম উচ্চাৰণ হৈছে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, জাতীয়তাবাদী শিবিৰৰ পৰা গৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা বসন পিন্ধা অশ্বিনী চেতিয়াৰ নাম।আনহাতে, ৰঙাপাৰা বিধানসভাৰ আসনখনৰ বাবে উচ্চাৰণ হৈছে যোৰহাট সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম। ইফালে কামাখ্যা প্ৰসাদ তাছাই অহা জুন মাহত অসমৰ পৰা খালি হ'ব লগা ৰাজ্যসভাৰ দুখন আসনৰ যিকোনো এখনৰ পৰা সংসদলৈ যোৱাৰ বাবেও দলটোৰ শীর্ষ নেতৃত্বক সাক্ষাৎ কৰিছে।কিন্তু ৰাজ্যসভাৰ এখন আসন লোকসভা নিৰ্বাচনৰ মিত্ৰতা চুক্তি অনুসৰি যদি অগপ দলক দিব লগা হয়,তেন্তে কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভালৈ যোৱাটো সম্ভৱ নহব। তেনে স্থলত কামাখ্যা প্ৰসাদ তাছাক ৰঙাপাৰা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত কৰি নিব পাৰে।
ইফালে,ৰাতাবাৰী আৰু জনিয়া সমষ্টি দুটাক লৈও বিজেপিয়ে আৰম্ভ কৰিছে উপযুক্ত প্ৰাৰ্থীৰ সন্ধান।
- Log in to post comments
- 105 views