১১ জুনৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষকৰ  উন্মুখীকৰণ প্ৰশিক্ষণ শিবিৰ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,২৪ মে'

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষণ শিকন কেন্দ্ৰত অহা ১১জুনৰ পৰা ১০ জুলাই
লৈকে উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ অৰ্থে উন্মুখীকৰণ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । বিশ্ববিদ্যালয়খনৰ শিক্ষণ-শিকন কেন্দ্ৰই ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ২০১৭ চনৰ পৰাই এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰি অহাৰ পাছত এই বছৰতো চতুৰ্থ সংখ্যক শিবিৰ অনুষ্ঠিত
হ'ব । উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগ(U.G.C.)ৰ নিৰ্দেশনা অনুসৰি উন্মুখীকৰণ শিবিৰক আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অন্যান্য বহু শিক্ষানুষ্ঠানে কৰা উন্মুখীকৰণ পাঠ্যক্ৰমৰ সমমৰ্যাদা প্ৰদান কৰা হৈছে আৰু উচ্চ শিক্ষানুষ্ঠানত নতুনকৈ যোগদান কৰা শিক্ষকসকলৰ পদোন্নতিৰ বাবেই এনে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে ।শিক্ষণ-শিকন কেন্দ্ৰই আয়োজন কৰা এই শিবিৰত বিশ্ববিদ্যালয়,মহাবিদ্যালয় বা সমমৰ্যাদাৰ অন্য উচ্চ শিক্ষানুষ্ঠানত কৰ্মৰত নতুন শিক্ষকসকলৰ প্ৰশিক্ষণত অগ্ৰাধিকাৰ দিয়া হৈছে যদিও জ্যেষ্ঠ শিক্ষকসকলৰ বাবেও এই শিবিৰ মুকলি ৰখা হৈছে । কেন্দ্ৰই এই শিবিৰত  অংশগ্ৰহণকাৰী
সকলৰ বাবে বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থাও কৰিছে । উক্ত পাঠ্যক্ৰমৰ বিষয়ে সবিশেষ জানিবলৈ আৰু অনলাইনযোগে আবেদন কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে ৱে'বছাইট www.tezu.ernet.in  বা www.tezu.ernet.in/tic ত চাব পাৰিব । এই প্ৰশিক্ষণ শিবিৰৰ বাবে যোগদানৰ শেষ তাৰিখ অহা ৩০মে',বৃহস্পতিবাৰ নিৰ্ধাৰণ কৰা হৈছে ।

Your Comments