নিউজ ডেস্ক :
লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ ব্যস্ততাৰ মাজতে আজি তিনিটা বর্ষ অতিক্ৰম কৰিলে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে।
২০১৬ বর্ষৰ আজিৰ দিনটোতে ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন ওফৰাই ৰাজ্য শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল সোণোৱাল চৰকাৰখনে।
তৃতীয় বর্ষপূৰ্তিৰ এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমক দেশৰ ভিতৰতে এখন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সকলো জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি আমি দৃঢ়তাৰে কাম কৰি আছোঁ বুলি উল্লেখ কৰে।লগতে তেওঁ কয় যে আজিৰ পৰা তিনিটা বছৰৰ আগতে ৰাইজৰ আশীৰ্বাদ আৰু পূৰ্ণ সমৰ্থনত ৰাজ্যত পৰিৱৰ্তনৰ নতুন যাত্ৰা আৰম্ভ হৈছিল।ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'A For Assam'ৰ দূৰদৰ্শী নীতিৰ বাবে অসম এতিয়া নতুন ৰূপত জিলিকি উঠিছে।লগতে
এই তিনিবছৰীয়া যাত্ৰাত চৰকাৰখনৰ প্ৰতি ৰাইজে প্ৰদৰ্শন কৰা সঁহাৰি,মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে।
- Log in to post comments
- 9 views