ইৰাণে যুঁজিবলৈ বিচাৰিলে দেশখনৰ আনুষ্ঠানিক অন্ত হ'ব:ট্ৰাম্পৰ চৰম সতৰ্কবাণী

trump

বৰ্তমান আমেৰিকা আৰু ইৰাণৰ মাজত তীব্র উত্তেজনা।এই উত্তেজনাৰ মাজতে আমেৰিকাই এখন বিমানবাহী জাহাজ আৰু 'বি ৫২' বোমাৰু বিমান উপসাগৰীয় এলেকাত মোতায়েন  কৰিছে।আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চৰম সতৰ্কবাণী শুনাই কৈছে যে যদি ইৰাণে যুঁজিবলৈ বিচাৰে,সেয়া দেশখনৰ বাবে আনুষ্ঠানিক অন্ত হ'ব।

 

উল্লেখ্য যে বিগত বৰ্ষত আমেৰিকা-ইৰাণৰ পৰমাণু চুক্তিৰ পৰা আমেৰিকা আঁতৰি অহাৰ পিছত আৰু ইৰাণৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই পুনৰ প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক অতি তিক্ততাপূৰ্ণ হৈ পৰিছিল।

Your Comments