জুপুৰীত থাকিয়েই জোনাক বিলালে মৰিগাঁৱৰ  হিয়ামণিয়ে :ডিষ্টিংচন লাভ

marigaon

 মৰিগাঁৱৰ পৰা জিতুমণি নাথ


জুপুৰীত থাকিয়েই জোনাক বিলালে মৰিগাঁৱৰ হিয়ামণি দেৱীয়ে। দৰিদ্ৰতা কেতিয়াও জীৱনৰ পথত হেঙাৰ হ'ব নোৱাৰে , তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে মৰিগাঁৱৰ মেধাৱী ছাত্ৰী হিয়ামণিয়ে। কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰে মোমায়েকৰ  ঘৰৰ এটা সৰু জুপুৰী গৃহত  অধ্যয়ন  কৰি আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ ফলাফলত দন্দুৱা হাইস্কুলৰ পৰা ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন পাবলৈ সক্ষম হয় হিয়াই ৷ 


পৰীক্ষাৰ  আগমূহূৰ্তত  হিয়াৰ পিতৃয়ে পাৰিবাৰিক কন্দলৰ বাবে মাকৰ সহিতে ঘৰৰ পৰা বাহিৰ কৰি দিছিল দুই কন্যাক ৷ ইয়াৰ পিছৰে পৰা হিয়াৰ মাক আৰু বায়েকে গুৱাহাটীৰ এটা কোম্পানীত কাম কৰি হিয়াক মোমায়েকৰ  ঘৰত ৰাখি পৰীক্ষাত  অৱতীৰ্ণ কৰোইছিল।এই সময়খিনিতে হিয়ামণিয়ে স্কুললৈ অহা-যোৱা কৰা চাইকেলখনকো কঠোৰ পিতৃয়ে কাঢ়ি লৈ গৈছিল। এই সকলোবোৰ 
ঘটনা-পৰিঘটনাকো হিয়াই একাশৰীয়া কৰি  একাগ্ৰতাৰে দেহ-মন সপি দিছিল অধ্যয়নত। 


অৱশেষত নিজৰ শ্ৰমৰ ফল লাভ কৰা হিয়ামণিৰ আজিৰ এই ফলাফলে বাৰুকৈয়ে আবেগিক কৰি তুলিলে মাক আৰু তেওঁৰ পৰিয়ালক। মেধাৱী ছাত্ৰী হিয়ামণিৰ বিজ্ঞান শাখাত অধ্যয়ন কৰা মন আছিল যদিও অৰ্থ অভাৱৰ বাবে কলা শাখাতে অধ্যয়ন কৰিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

Your Comments