ৰিয়ান হ'ব পাৰে ভৱিষ্যত দিনৰ এ বি ডি ভিলিয়াৰ্ছ : ডিন জোনছ

riyan

নিউজ ডেস্ক :

ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা অসম সন্তান ৰিয়ান পৰাগক লৈ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে বিশ্ব ক্ৰিকেট জগতৰ বহু বিশেষজ্ঞৰ।  আই পি এলৰ দ্বাদশ বর্ষ  ৰাজস্থান ৰয়েলছৰ হৈ ৭খন খেলৰ পাঁচটা ইনিংছ খেলা অসম সন্তান ৰিয়ানে গড়ে ৩২ৰাণেৰে সংগ্ৰহ কৰিছিল মুঠ ১৬০ৰাণ। য'ত আছিল অৰ্ধশতৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ। ইয়াৰ উপৰিও তেওঁ খেলিছিল ৰাজস্থান ৰয়েলছক জয়ৰ হোৱাদ দিয়া দুটা গুৰুত্বপূৰ্ণ ইনিংছ।

ইয়াৰ মাজতে অষ্ট্ৰেলীয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছে ৰিয়ানক প্ৰশংসা কৰি ইণ্ডিয়ান টিভিৰ ৱেবচাইটত উল্লেখ কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰবন্ধ। তেওঁ তাত ৰিয়ানৰ খেলৰ পদ্ধতিক প্ৰশংসা কৰি কয় যে "ৰিয়ান পৰাগে খেল পথাৰত প্ৰতিটো দিশতে যিকোনো শ্বট অতি নিখুঁত ভাবে খেলিব পাৰে। খেল পথাৰত ৩৬০ ডিগ্ৰীত শ্বট খেলিব পৰা দিশটোৰ বাবে ৰিয়ান ভৱিষ্যত দিনত হব পাৰে ভাৰতীয় দলৰ এ বি ডি ভিলিয়াৰ্ছ।কাৰণ তেওঁ কয় দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছ য়ে যিদৰে ৩৬০ডিগ্ৰীত নিজে শ্বট আবিষ্কাৰ কৰি খেলিব পাৰে ঠিক তেনেই সমগুণৰ অধিকাৰী যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। 

উল্লেখ যে এইবাৰ আই পি এলত ৰিয়ান পৰাগে  ৫০ৰাণৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলি আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠতম অৰ্ধশতৰাণকাৰী খেলুৱৈ হিচাপে ইতিমধ্যেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Your Comments