নিউজ ডেস্ক:
আফ্ৰিকীয় দেশ নাইজেৰিয়াত দুসপ্তাহৰ পূৰ্বে এখন ব্যৱসায়িক জাহাজৰ পৰা জলদস্যুয়ে অপহৰণ কৰিছিল ৫ জন ভাৰতীয় নাৱিকক।তাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে তেওঁলোকৰ যোগাযোগ সম্পূৰ্ণ বিছিন্ন হৈ আছে।
এগৰাকী অপহৃত নাৱিকৰ পত্নীয়ে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজৰ সহায় বিচৰাত স্বৰাজে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰিছে।স্বৰাজে নাইজেৰিয়াত থকা ভাৰতীয় উচ্চায়ুক্তক নাইজেৰিয়া চৰকাৰৰ ওচৰত বিষয়টো উত্থাপন কৰিবলৈ নিৰ্দেশ দিছে,যাতে নাৱিকসকলক উদ্ধাৰ কৰিব পৰা যায়।
- Log in to post comments
- 20 views