তপন বৰগোহাঁই
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰ'ৰ ব্যাপক সফলতাৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে ধৃতিমান কাকতি পৰিচালিত চুটিছবি 'দ্য মেন হু স্পিকছ নেচাৰ'। যোৰহাটৰ ধৃতিমান কাকতি পৰিচালিত চুটি ছবিখনক ইউৰোপৰ হাংগেৰীত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবি শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি আয়োজন সমিতিয়ে ছবিখনৰ পৰিচালক ধৃতিমান কাকতিক এক ই-মেইলৰ জৰিয়তে জানিবলৈ দিছে। লগতে মেইলটোত তেওঁলোকক জানিবলৈ দিছে যে মহোৎসৱখনত তেওঁলোক উপস্থিত থকাৰ বাবে যাতায়তৰ খৰছ আৰু থকা-খোৱা খৰছ আয়োজক সমিতিয়ে বহন কৰিব ।
উল্লেখ্য যে বোকাখাতৰ যুৱক ধৃতিমান কাকতি পৰিচালিত ছবিখনত ৰক্তিম হাজৰিকাই চিনেমাট'গ্ৰাফী কৰিছে।ইয়াৰ উপৰিও ছবিখন প্ৰচাৰ আৰু বিতৰণ বিভাগৰ দায়িত্বত আছিল সম্পাদক প্ৰৱাল বৰা।গুৰুত্বপূৰ্ণ কথা এই যে চুটি ছবিখনে ইয়াৰ পূৰ্বে ষষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী চুটি ছবি মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে।ইয়াৰ উপৰিও মুম্বাইত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত 'ফিল্ম ক্ৰিটিক চইছ চৰ্ট ফিল্ম এৱাৰ্ডছ'ৰ তিনিটা বিশেষ শিতানত মনোনয়ন লাভ কৰিছিল।
উল্লেখ্য যে ছবিখন কাজিৰঙা বৰাগাঁওৰ অক্লান্ত পৰিৱেশকৰ্মী মনোজ গগৈৰ পৰিৱেশ সম্পৰ্কীয় কৰ্মৰাজিৰ সন্দৰ্ভত নিৰ্মিত।ইফালে , ছবিখন ইতিমধ্যে বহুসংখ্যক ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে।
ছবিখনৰ পৰিচালক ধৃতিমান কাকতি বৰ্তমান এপি গোৱেল ছিমলা ইউনিভাৰ্ছিটিৰ বিজেএমচিৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ।একেদৰে ছবিখনৰ চিনেটগ্ৰাফাৰ ৰক্তিম হাজৰিকা বিচিএ ছাত্ৰ।
- Log in to post comments
- 21 views