ইছৰ'ৰ ৫ টা কৃত্ৰিম উপগ্ৰহই প্ৰাণ ৰক্ষা কৰিলে ওড়িশাৰ হাজাৰ-হাজাৰ লোকৰ

setelite

নিউজ ডেস্ক:
'ফানী' ধুমুহাৰ বিষয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰ')ৰ ৫ টা কৃত্ৰিম উপগ্ৰহৰ নিখুঁত সতৰ্কবাণীৰ বাবে ওড়িশাত প্ৰাণ ৰক্ষা পৰিল হাজাৰ-হাজাৰ লোকৰ।


ইছৰ'ৰ উপগ্ৰহকেইটাই ১৫ মিনিটৰ মূৰে মূৰে দিয়া ফানীৰ অৱস্থিতিৰ  নিখুঁত তথ্যৰ  ভিত্তিত ওড়িশাৰ প্ৰশাসনে প্রায় ১১ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে।


ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ সংবাদ মাধ্যমে ইছৰ'ৰ কৃত্ৰিম উপগ্ৰহসমূহৰ দক্ষতাৰ শলাগ লৈছে।ভয়ংকৰ ধুমুহাৰ পৰা নাগৰিকসকলক ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ভূমিকাৰো শলাগ লৈছে মাৰ্কিন সংবাদপত্ৰ 'দ্য ৱাছিংটন পোষ্ট'-এ।

Your Comments