নিউজ ডেস্ক:
মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাৰ পিছত ৰাজস্থানৰ জয়পুৰৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ৰাষ্ট্ৰসংঘই আজহাৰক আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাটোক ভাৰতৰ বাবে গৌৰৱৰ বিষয় আখ্যা দিয়ে।
মোডীয়ে কয় যে এয়া হৈছে নতুন ভাৰত আৰু এয়া হৈছে নতুন ভাৰতৰ হুংকাৰ।ভাৰতৰ বক্তব্যক এতিয়া গুৰুত্ব নিদিয়াকৈ থাকিব পৰা নাযায়।প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া আৰম্ভণিহে মাত্ৰ।আগলৈ চাওক,আৰু কি হয়।
- Log in to post comments
- 22 views