ভাৰতক প্ৰতিনিধিত্ব কৰি আমেৰিকালৈ অসমৰ ছালমা

ভাৰতক প্ৰতিনিধিত্ব কৰি আমেৰিকালৈ অসমৰ ছালমা

বৰপেটাৰোড মেৰিয়ান স্কুলত অধ্যয়ন কৰা ছালমা হুছেইনে ভাৰতক প্ৰতিনিধিত্ব কৰি আমেৰিকালৈ যাত্ৰা কৰিছে । দেওবাৰে সন্ধিয়া ৭.৩০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা বিমানেৰে আমেৰিকাৰ ৱাশ্বিংটন ডিচিলৈ ৰাওনা হৈছে অসম কন্যা ছালমা হুছেইন । এণ্ডী লীডাৰশ্বীপ ইনষ্টিটিউটে বিশ্বৰ পৰা নিৰ্বাচন কৰা ৮গৰাকী যুৱ মহিলা শান্তি স্থাপকৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে দক্ষিণ কামৰূপৰ সোণতলীৰ ছালমাৰ ।

ভাৰতক প্ৰতিনিধিত্ব কৰি আমেৰিকালৈ অসমৰ ছালমা

ভাৰতক প্ৰতিনিধিত্ব কৰি অহা ৫ আগষ্টৰ পৰা ১৮ আগষ্টলৈ আমেৰিকাত এক বিশেষ প্ৰশিক্ষণ আৰু বিভিন্ন আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিব ছালমাই । উল্লেখ্য যে ছালমা হুছেইনৰ জন্ম হয় ১৯৯৩ চনত কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলী গাঁৱত । ছালমাৰ দেউতাক আৰু মাকৰ নাম ক্ৰমে মোবাৰক হুছেইন আৰু বেগম ৰাজিয়া হুছেইন ।

আমেৰিকালৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱাৰ কেইঘণ্টামান আগতে ছালমা হুছেইনে অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আমন্ত্ৰণ অনুসৰি দেওবাৰে দুপৰীয়া তেখেতক সাক্ষাৎ কৰে । মুখ্য মন্ত্ৰীয়ে ছালমা হুছেইনক বিশ্বৰ ৮গৰাকী যুৱতীৰ ভিতৰত স্থান পোৱা বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই যাত্ৰাৰ শুভকামনা জ্ঞাপন কৰে ।
 

Your Comments