“ব্যৰ্থতায়ো সফলতাৰ দুৱাৰ খুলি দিয়ে” - ইউ পি এচ চি  উত্তীৰ্ণ শিৱসাগৰৰ ৰাহুল গুপ্তা

sb

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

বিফলতা সাময়িক হয় যেতিয়া মন দৃঢ় হয়। বহু সময়ত ব্যৰ্থতাই ব্যক্তিক সফল হোৱাৰ দুৱাৰহে খুলি দিয়ে। ধৈৰ্য্য একাগ্ৰতা কঠোৰ শ্ৰম সাধুতাই সফলতাৰ চাবি কাঠি। এই মন্তব্য কৰে ইউ পি এচ চি পৰীক্ষাত সুখ্যিতিৰে উত্তীৰ্ণ হোৱা শিৱসাগৰৰ যুৱক ৰাহুল গুপ্তাই। সোমবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মষিকৰ বিদায়ী ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে ৰাহুল গুপ্তাই।sibsagar

শিৱসাগৰ বাণজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি  মহন্তৰ সঞ্চালনত আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ লগত মতবিনিময় কৰি তেওঁ কয়, আৰ্থিক প্ৰতিকূলতাৰ স্বত্বেও নিয়মিত অধ্যয়ন, পিতৃ মাতৃ,  শিক্ষক তথা শুভাকাংশী ব্যক্তিৰ অনুপ্ৰেৰণাৰ বাবে আজি তেওঁ এই স্থানত উপনীত হৈছে। ছাত্ৰ ছাত্ৰীসকলে সোধা প্ৰশ্নৰ উত্তৰদি তেওঁ কয়,  ইউ পি এচ চি কে মুখ্য কৰি বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি, মৌখিক সাক্ষাতকাৰৰ প্ৰস্তুতি, কোচিং, আদি সম্পৰ্কে বিষদ ব্যাখ্য কৰে।

সম্প্ৰতি সময়ত অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইউ পি এচ চিকে আদি কৰি বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাটো অসমৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে। প্ৰসংগক্ৰমে তেওঁ অসম মেঘালয় কেডাৰৰ বাবে নিৰ্বাচিত হোৱাৰ কথা দোহাৰি এই সুযোগ লাভ কৰিলে সাধ্যানুসাৰে ৰাজ্যখনৰ বিকাশৰ প্ৰচেষ্ঠা চলাব বুলি মন্তব্য কৰে ৰাহুল গুপ্তাই।

Your Comments