![baruah](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-22%20at%205.47.32%20PM.jpeg?itok=VQ4RLiDs)
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,২২এপ্ৰিল
বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ডুবাইস্থিত মনিপল বিশ্ববিদ্যালয়ে নগাঁৱৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাক পাঠদান কৰিবলৈ অতিথি শিক্ষক হিচাপে আমন্ত্ৰণ জনাইছে । বৰুৱাই ২১ এপ্ৰিলৰ পৰা ২৪এপ্ৰিললৈ অতিথি শিক্ষক হিচাপে পাঠদান কৰিব । লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ লগত যুটীয়াভাৱে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰতো পাৰ্থজিৎ বৰুৱাই ২৫ এপ্ৰিলত মুখ্যবক্তা হিচাপে
অংশগ্ৰহণ কৰিব ।এই আলোচনা চক্ৰৰ শীৰ্ষক বিষয় হ'ল মনিপল ইণ্টাৰনেশ্বনেল মিডিয়া ৰিচাৰ্ছ কনফাৰেন্স আৰু আলোচনা চক্ৰত বৰুৱাই ডকুমেন্টেৰী ফিল্মিছ : লোকেল নেৰেশ্য়ন এণ্ড গ্ল'বেল ইচ্ছ্যু সন্দৰ্ভত বক্তব্য আগবঢ়াব । উল্লেখযোগ্য যে বৰুৱাই ইয়াৰ আগতেও জ্যোতি প্ৰসাদ আগৰৱালাৰ চিনেমা সম্পৰ্কীয় তথ্য উদঘাটনৰ বাবে স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়লৈ গৈছিল । তদুপৰি তেওঁৰ নতুন তথ্যচিত্ৰ "কিয়াৰস্কু"য়ে বিভিন্ন বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
- Log in to post comments
- 17 views