বিশেষজ্ঞ চিকিৎসকৰূপে জনসেৱাত ব্যস্ত ভূটানৰ প্ৰধানমন্ত্ৰী লতে ছেৰিং

bhutan cm

দেশৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  চকীদাৰৰ  দৰে  কাম কৰে বুলি নিজে উল্লেখ কৰাৰ বিপৰীতে বিশেষজ্ঞ চিকিৎসকৰূপে ৰাইজক সেৱা আগবঢ়াই আহিছে চুবুৰীয়া দেশ ভূটানৰ প্ৰধানমন্ত্ৰী লতে ছেৰিঙে।সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা থকা পাহাৰীয়া দেশখনত প্ৰধানমন্ত্ৰীৰ নিচিনা এক গধুৰ দায়িত্ব থকাৰ মাজতো সাপ্তাহিক ছুটীত ছেৰিঙে ৰাইজক সেৱা আগবঢ়ায়।প্ৰতি বৃহস্পতিবাৰে ৰাজধানী থিম্ফুস্থিত দেশখনৰ মুখ্য চিকিৎসালয় জিগমে দৰ্জি ৱাংচুক জাতীয় ৰেফাৰেল চিকিৎসালয়ত যিকোনো ৰোগীয়ে দেখা কৰিব পাৰে প্ৰধান মন্ত্ৰীক।পুৱা ৭.৩০ বজাৰ পৰা ১০ বজালৈকে চিকিৎসা বিজ্ঞানৰ ছাত্র-ছাত্ৰীসকলক পাঠদান,দিহা-পৰামৰ্শ আগবঢ়োৱাৰ পিছত বিশেষযোগ ইউৰোল'জিষ্ট ৰূপে তেওঁ ৰোগীক সেৱা আগবঢ়ায়। bhutan cm

প্ৰধানমন্ত্ৰী চিৰেং দেশখনৰ আটাইতকৈ দক্ষ শল্য চিকিৎসকসকলৰ অন্যতমৰূপে জনাজাত।তেওঁ আমেৰিকাৰ উইচকচিন চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ছেৰিঙে বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধীনৰ মৈমনসিং চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

Your Comments