নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ এখন অতি ভিতৰুৱা গাঁও চেংনৈৰ উদ্যমী মহিলা কৃষক শ্ৰীমতী পদ্মাৱতী বড়োৱে নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমলৈ সন্মান কঢ়িয়াই আনিছে। তেখেতে শুকুৰবাৰে দিল্লী দূৰদৰ্শন কেন্দ্ৰত অনুষ্ঠিত সদৌ ভাৰত ভিত্তিত মহিলা কৃষক ৰিয়েলিটী শ্ব'ত দ্বিতীয় শ্ৰেষ্ঠ মহিলা কৃষকৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ তত্ত্বাৱধানত কৃষকগৰাকীয়ে সৰ্বভাৰতীয় ভিত্তিত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। প্ৰথম পৰ্যায়ত সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰত্যেক জিলাৰ পৰা এজনকৈ কৃষক নিৰ্বাচিত কৰি তাৰপৰা ১১০গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰি পৰৱৰ্তী পৰ্যায়ত শীৰ্ষ ৫লৈ উন্নীত হয় আৰু ফাইনেলত দ্বিতীয় স্থান দখল কৰে।
উল্লেখনীয় যে শ্ৰীমতী বড়োৱে ৰেচমৰ লগতে আনুসংগিক কৃষিকৰ্মত জড়িত হৈ আহিছে আৰু তেখেতৰ প্ৰতিটো খোজতে কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীয়ে বিজ্ঞানসন্মত দিহা-পৰামৰ্শ দি সহযোগ কৰি আহিছে। তেখেতে লাভ কৰা সন্মানত আছে এটা পদক, এখন মানপত্ৰ আৰু নগদ ৩ লাখ টকা। তেখেতৰ সাফল্যই নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমতে আনন্দৰ লহৰ তথা কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।
- Log in to post comments
- 10 views