আমি এতিয়াও নিউজীলেণ্ডক ভালপাওঁ : খ্ৰাইষ্টচাৰ্চৰ মছজিদৰ ইমাম

আমি এতিয়াও নিউজীলেণ্ডক ভালপাওঁ : খ্ৰাইষ্টচাৰ্চৰ মছজিদৰ ইমাম

শুকুৰবাৰে নিউজীলেণ্ডৰ খ্ৰাইষ্টচাৰ্চত সন্ত্ৰাসবাদীৰ গুলীবর্ষণৰ সময়ত কথমপি প্ৰাণ ৰক্ষা পৰিছিল লিনৱুড মছজিদৰ ইমাম ইব্ৰাহীম আব্দুল হালিমৰ। তেওঁৰ চকুৰ সন্মুখতে সন্ত্ৰাসবাদী ব্ৰেণ্টন টাৰাণ্টে গুলীয়াই হত্যা কৰে কেইবাজানো ধৰ্মপ্ৰাণ ব্যক্তিক। এই কৰুণ ঘটনাৰ পিছত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইমামজনে কয়- 'আমি এতিয়াও নিউজীলেণ্ডক ভালপাওঁ।

আমি এতিয়াও নিউজীলেণ্ডক ভালপাওঁ : খ্ৰাইষ্টচাৰ্চৰ মছজিদৰ ইমাম

সন্ত্ৰাসবাদীয়ে আমাৰ আত্মবিশ্বাসক কঁপাই তুলিব নোৱাৰে।' এই দুখৰ সময়ত নিউজীলেণ্ডৰ বেছিভাগ নাগৰিকে মুছলিম সম্প্ৰদায়ৰ লোকসকলক সমৰ্থন কৰিছে বুলি ইমামজনে মন্তব্য কৰে।

Your Comments