উত্তৰ-পূবৰ পাঁচ ৰাজ্য কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

cong

লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা। তাৰ মাজতে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে উত্তৰ-পূবৰ পাঁচ ৰাজ্য বাবে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। সেই অনুসৰি অৰুণাচলৰ প্রাক্তন গৃহমন্ত্ৰী জেমছ ৱাংলাটে প্ৰতিদ্বন্দিতা কৰিব পূব অৰুণাচলৰ পৰা। একেদৰে পশ্চিম অৰুণাচলত প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে। 

আনহাতে পশ্চিম ত্ৰিপুৰাত প্ৰদ্যুত দেৱ বৰ্মন আৰু পূব ত্ৰিপুৰাত গোপাল ছন্দ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ঠিক একেদৰে মেঘালয়ৰ দুখন আসনৰ বাবেও ঘোষণা কৰা হৈছে নাম। সেই অনুসৰি শ্বিলঙৰ পৰা বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা আৰু তুৰা সমষ্টিৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ডঃ মুকুল চাংমাক দিয়া হৈছে প্ৰাৰ্থিত্ব। আনহাতে নাগালেণ্ডত কে এল চিচিক প্ৰদান কৰা হৈছে হৈছে প্ৰাৰ্থিত্ব। বিপৰীতে চিকিমত প্ৰদান কৰিছে ভাৰত বছনেটক প্ৰদান প্ৰাৰ্থিত্ব।

Your Comments