কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ বাবে 'প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি' নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ উদ্দেশ্য হৈছে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ আয় বৃদ্ধিৰ বাবে সহায় কৰা। এই আঁচনিখন অহা ২৪ ফেব্ৰুৱাৰীৰ দিনা দিনৰ ১১ বজাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষক ৰাইজৰ বাবে মুকলি কৰিব। সেয়ে ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁৱতো জিলাভিত্তিত এই আঁচনিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব৷ আঁচনিৰ অধীনত প্ৰতিগৰাকী বাছনিভুক্ত হিতাধিকাৰীয়ে তিনিটা কিস্তিত ২,০০০ টকাকৈ বছৰি মুঠ ৬,০০০ হেজাৰ টকা লাভ কৰিব৷
এই সন্দৰ্ভত চৰকাৰী নিৰ্দেশত জিলাভিত্তিত এই আঁচনি উদ্বোধনী সভা বঙাইগাঁৱৰ ঘনদলত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে। একে সময়তে বঙাইগাঁও জিলাৰ পাঁচটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই আঁচনিৰ উদ্বোধনী সভা অনুষ্ঠিত কৰা হ'ব। এই সভাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই আঁচনিৰ শুভ উদ্বোধনী ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব৷ উল্লেখ্য যে ইতিমধ্যে বঙাইগাঁও জিলাত প্ৰায় ২৫,০০০ হিতাধিকাৰীৰ নাম বাছনি কৰা হৈছে, যিসকলে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব।
- Log in to post comments
- 21 views