টাটা বিল্ডিং ইণ্ডিয়া সৰ্বভাৰতীয় ৰচনা প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ মৰিগাঁৱৰ ছাত্ৰী দীপশিখাৰ

টাটা১বিল্ডিং১ইণ্ডিয়া১সৰ্বভাৰতীয়১ৰচনা১প্ৰতিযোগিতাত১শীৰ্ষস্থান১লাভ১মৰিগাঁৱৰ১ছাত্ৰী১দীপশিখাৰ

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

টাটা বিল্ডিং ইণ্ডিয়াই সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ চৰাইবাহী জাতীয় বিদ্যালয়ৰ ছাত্ৰী দীপশিখা দেৱীয়ে শীৰ্ষস্থান লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। চৰাইবাহীৰ বৰভগীয়াৰ গুৰুচৰণ নাথ আৰু মৰমী দেৱীৰ কন্যা দীপশিখা দেৱীৰ সাফল্যত চৰাইবাহী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ দল-সংগঠনসমূহৰ মাজত বিৰাজ কৰিছে আনন্দ-উল্লাস।

উল্লেখ্য যে  "গোলকীয় উষ্ণতা আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু প্ৰাকৃতিক পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰণীয়'' শীৰ্ষক ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা চৰাইবাহী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী দীপশিখা দেৱীয়ে অসমীয়া ভাষাত লিখিছিল ৰচনা৷

টাটা১বিল্ডিং১ইণ্ডিয়া১সৰ্বভাৰতীয়১ৰচনা১প্ৰতিযোগিতাত১শীৰ্ষস্থান১লাভ১মৰিগাঁৱৰ১ছাত্ৰী১দীপশিখাৰ

সমগ্ৰ দেশৰ ১৩টা ভাষাৰ ৮,৫০০ বিদ্যালয়ৰ ৪ লাখ মিলিয়ন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই ৰচনা প্ৰতিযোগিতাত অসমীয়া ভাষাত লিখা ৰচনাখনে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত চৰাইবাহী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ দীপশিখা দেৱীক বিপুল সম্বৰ্ধনা জনায়৷

ইপিনে এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাই নহয়, দেশৰ ৰাষ্ট্ৰপতিকো লগ পোৱাৰ সুবিধা পোৱাত  উৎফুল্লিত হৈ পৰে দিপশিখা দেৱী। আনহাতে, এই বিদ্যালয়খনৰ পৰাই এইবাৰ সৰ্বভাৰতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে আন এগৰাকী ছাত্ৰ৷ আৰ্যভট্ট মডেল প্ৰতিযোগিতাত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰি ভাগ্যজ্যোতি বৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে৷

Your Comments