বাক্সাৰ ধৌৰমলৈ মিষ্টাৰ গ্ল'বেল-২০১৮ৰ সন্মান

বাক্সাৰ ধৌৰমলৈ মিষ্টাৰ গ্ল'বেল-২০১৮ৰ সন্মান

কামৰূপ জিলাৰ ৰঙিয়াৰ পৰা ৭ কিঃমিঃ দূৰৈৰ অৰ্থাৎ বাক্সা জিলাৰ অন্তৰ্গত দেউলকুছি গাঁৱৰ বিনন্দ স্বৰ্গীয়াৰীৰ পুত্ৰ ধৌৰম খুংগুৰ স্বৰ্গীয়াৰীয়ে ভাৰতলৈ আনিলে মিষ্টাৰ গ্ল'বেল-২০১৮ৰ সন্মান।


থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত মিষ্টাৰ গ্ল'বেল-২০১৮ প্ৰতিযোগিতাত ভাৰতৰ পৰা তৃতীয়বাৰ বাবে প্ৰতিনিধিত্ব কৰি তেওঁ এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। এই সাফল্যত তেওঁ উৎফুল্লিত বুলি নিউজ এএছএনক জানিবলৈ দিয়ে৷

আনহাতে, এই সাফল্যৰ কৃতিত্ব তেওঁ দেউতাক আৰু মাকক প্ৰদানৰ লগতে তেওঁক উৎসাহিত কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সংগীত আৰু অভিনয়ৰ প্ৰতি ৰাপ থকা ধৌৰমে বৰ্তমান শৰীৰচৰ্চাত বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দি নৱপ্ৰজন্মক ইয়াৰ জৰিয়তে আগবঢ়াই নিয়াৰ চেষ্টা কৰি থকা বুলিও জনায়।

Your Comments