
ঋষি লহকৰ, নিউজ এএছএন
ৰঙিয়াৰ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণলৈ আগবঢ়োৱা হৈছে কামৰূপ (গ্ৰা) জিলাৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বঁটা৷ আজি দেশৰ ৭০সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী অনুষ্ঠানটোক এই বঁটা প্ৰদান কৰা হয়৷ আমিনগাঁৱত অনুষ্ঠিত কামৰূপ (গ্ৰা) জিলাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অনুষ্ঠানটোক এই বঁটা প্ৰদান কৰে গণৰাজ্য দিৱসৰ মুখ্য অতিথি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
উল্লেখ্য যে প্ৰভাতী কিৰণে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ আৰ্থ-সামাজিক কামত জড়িত হৈ আহিছে৷ ইয়াৰ উপৰি স্বচ্ছ ভাৰতৰ কাৰ্যসূচীত অনুষ্ঠানটোৱে ওতপ্ৰোতভাৱে জড়িত হৈ ৰঙিয়াৰ বিভিন্ন অঞ্চলত স্বচ্ছতাৰ দিশত কাম কৰাৰ লগতে এই সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে৷
আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কামৰূপ (গ্ৰা) জিলাৰ উপায়ুক্ত কমল বৈশ্য আৰু অসম চৰকাৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে স্বেচ্ছাসেৱী অনুষ্ঠানটোক গামোচা আৰু শৰাইৰ সৈতে এখন মানপত্ৰ প্ৰদান কৰে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্যসকলৰ সৈতে এই বঁটা গ্ৰহণ কৰে প্ৰভাতী কিৰণৰ সভাপতি মৃদুল শৰ্মা আৰু সাধাৰণ সম্পাদক ধনমণি দত্তই।
- Log in to post comments
- 159 views