চাহজনগোষ্ঠীয় যুৱতী ডলি কুৰ্মীৰ মিচ ইউনিভাৰ্চ ষ্টাৰ আইকন, ২০১৯ খিতাপ লাভ 

DOLI

 গোলাঘাট ৬ মে' :

 থাইলেণ্ডত সদ্য অনুষ্ঠিত হৈ যোৱা আন্ত : ৰাষ্ট্ৰীয় মিচ ইউনিভাৰ্চ ষ্টাৰ আইকন ২০১৯ ৰ সৌন্দৰ্য প্ৰতিযোগিতাত গোলাঘাটৰ ডলি কুৰ্মীয়ে  অংশগ্ৰহণ কৰি দেশৰ লগতে নিজ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এনে প্ৰতিযোগিতাত অংশ লৈ জিকি অহা প্ৰথমগৰাকী চাহ জনগোষ্ঠীয় যুৱতী  ডলিৰ ঘৰ গোলাঘাট মহিমা চাহ বাগিচাত। ২০১৬ বৰ্ষৰ পৰা মডেলিং কেৰিয়াৰ আৰম্ভ কৰা ডলিয়ে পূৰ্বতে মিচ ডি কে ডি খিতাপো অৰ্জন কৰিছিল। মিছ ইণ্ডিয়া গ্লেমাৰ আৰু মিছ এচিয়া ইউনাইটেড ইউনিভাৰ্চ খিতাপ  লাভ কৰা ডলি লক্ষীচৰণ কুৰ্মী আৰু ৰীণা কুৰ্মীৰ কণ্যা।  ডলিৰ এনে সাফল্যত আজি গোলাঘাটৰ মহিমা চাহ বাগিচাত আনন্দৰ জোৱাৰ উঠাৰ লগতে চাহজনগোষ্ঠীয় সংগঠন আটছাৰ গোলাঘাট শাখাই ডলিক বিপুল আঁদৰণি জনায়।

Your Comments