কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ বলীউডত

javed_shabana

কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ প্ৰতিবাদৰ ধ্বনি শুনা গৈছে বলীউডতো। বলীউডৰ তাৰকা আমিৰ খান, অক্ষয় কুমাৰ, অজয় দেৱগণ, ছলমান খান, বিকী কৌশল, প্ৰিয়াংকা চোপ্ৰা, আলিয়া ভাট, শ্ৰদ্ধা কাপুৰ, দিয়া মিৰ্জা, আৰ মাধৱন, বৰুণ ধৱন, অভিষেক বচ্চন আদিয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণত বহুকেইজন জোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদীৰ এয়া কাপুৰুষালিৰ কাৰ্য বুলি তেওঁলোকে তীব্ৰ ক্ৰোধৰো প্ৰকাশ কৰিছে।

আনহাতে, বলীউডৰ প্ৰখ্যাত গীতিকাৰ, চিত্ৰনাট্যকাৰ জাভেদ আখটাৰ আৰু প্ৰসিদ্ধ অভিনেত্ৰী শ্বাৱনা আজমীয়ে কৰাচী আৰ্ট কাউঞ্চিলৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰি পাকিস্তান যাত্ৰা স্থগিত কৰিছে। তেওঁলোকেও পুলৱামাৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে। 

Your Comments