ৰঙালীৰ উৰুকাৰ বজাৰত মহানগৰীত ১০০-৫০০টকালৈ দাম উঠিল কপৌফুল

A

 

B

নিউজ ডেস্ক:

কপৌফুলৰ অবিহনে আধৰুৱা ৰঙালীবিহু।বিহু আহিলে  কপৌ ফুল বিচাৰি নাচনীৰ হাহাকাৰ লাগে।সম্প্ৰতি বজাৰত প্লাষ্টিকৰ কপৌফুল উপলব্ধ যদিও সতেজ  কপৌফুলৰ চাহিদা যথেষ্ট বেছি।সেই চাহিদাৰ বাবে  মহানগৰীত প্ৰতিবছৰে ৰঙালী বিহুত কপৌফুলৰ সুকীয়া বজাৰ পৰিলক্ষিত হয়।এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। মহানগৰীৰ বিহুৰ বজাৰত ১০০-৫০০ টকা পৰ্যন্ত  এজোপা কপৌ ফুল বিক্ৰী হৈছে।বজাৰত কপৌফুল দেখি গ্ৰাহকসকলো আকৰ্ষিত হৈছে।তিনিচুকীয়া, লখিমপুৰৰ পৰা ব্যৱসায়ী আহি মহানগৰীত বিক্ৰী কৰিছে কপৌফুল।বিগত ৯বছৰ ধৰি মহানগৰৰ বিহুৰ বজাৰত  তিনিচুকীয়া ধলাৰ পৰা আহি কপৌফুল বিক্ৰী কৰি অহা সীমা সোণোৱালে কয়, “ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত এইবাৰ সকলোৱে উলহ -মালহেৰে বিহু আয়োজন কৰিছে।বিগত বৰ্ষৰ তুলনাত কপৌফুল ক্ৰয় কৰা  গ্ৰাহকৰ সঁহাৰি যথেষ্ট ভাল।বহু গ্ৰাহক কপৌফুল বিচাৰি বজাৰলৈ আহিছে।প্ৰায় ১০০ জোপা কপৌ ফুল বিক্ৰীৰ বাবে আনিছিলো সকলোখিনি প্ৰায় বিক্ৰী হৈছে। ”
লখিমপুৰ ঢকুৱাখানাৰ পৰা অহা আন এগৰাকী ব্যৱসায়ী ইলা দিহিঙীয়াই কয়-এইবাৰ  প্ৰায় এহেজাৰ জোপা কপৌ ফুল বিক্ৰীৰ বাবে আনিছিল।গ্ৰাহকৰ সঁহাৰি ভাল।গ্ৰাহক সকলে নিজলৈ কপৌফুল ক্ৰয় কৰাৰ লগতে উপহাৰ দিবলৈও ক্ৰয় কৰা বুলি এগৰাকী গ্ৰাহকে জনায় ।

Your Comments