চাৰিশ বছৰীয়া বৰ্ণিল পৰম্পৰাৰে হাজোৰ- ৰামদিয়াত ভঠেলি মেলাৰ শুভাৰম্ভ : শুভ উদ্বোধন কৰিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই

A

B
নিউজ ডেস্ক:
“ভঠেলি উৎসৱ সামূহিক ভাবে অসমৰ সকলো ঠাইতে পালন কৰা নহয়।মহাপুৰুষ মাধৱ দেৱৰ পদৰেণুৰে ৰঞ্জিত ঠাই বোৰতহে সাধাৰণতে ভঠেলি উৎসৱ পালন কৰা   হয় বুলি জানিব পৰা যায়।   ৰামদিয়াৰ ভঠেলি মেলাই সততে মানুহৰ মনলৈ কঢ়িয়াই আনে সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা” - এনেদৰে মন্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই। সত্ৰ সংস্কৃতিৰ ছো'ঘৰ স্বৰূপ ৰামদিয়াৰ চাৰিশ বছৰীয়া বৰ্ণিল  পৰম্পৰাৰে কালিৰে পৰা অনুষ্ঠিত হোৱা ভঠেলি মেলাৰ শুভ উদ্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে পুনৰ কয়,“অসমৰ ভিন্ন প্ৰান্তত পালিত ভিন্ন ভিন্ন উৎসৱ সমূহে অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনক বিশাল সংস্কৃতিলৈ পৰ্যবাসিত কৰিছে। ” 

C

ধূলাৰ সত্ৰৰ বিগ্ৰহ আদৰি ভঠেলি উৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাষন প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই  কয় যে যিটো সময়ত জাতি- ধৰ্ম-বৰ্ণ, ভাষাকলৈ এক অপ্ৰত্যাশিত পৰিবেশৰ সৃষ্টি হৈছে, তেনে সময়ত ৰামদিয়াৰ ভঠেলি মেলাই সমন্বয় আৰু সম্প্ৰীতিৰ এক জলন্ত নিদৰ্শন হিচাপে চিহ্নিত হৈ থিয় দি আছে আৰু এনে ধৰণৰ অনুস্থানৰ বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। ৰামদিয়া পুথিভঁৰাল আৰু সামুহিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত কালি  আবেলি ৫ বজাত ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি অতুল চন্দ্ৰ   কাকতিয়ে আঁতধৰা অনুষ্ঠানত উত্তৰ -পূৰ্বাঞ্চলৰ বিশিষ্ট চিকিৎসক বেদব্ৰত পাঠকে ৰামদিয়াৰ ভঠেলি মেলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। এই অনুস্থানতে এমট্ৰ’নৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থই মুখ্য অতিথিৰ ভাষনত শৈশৱৰ স্মৃতি ৰোমণ্ঠন কৰি কয়, “ৰামদিয়াৰ ভঠেলি মেলাই গ্ৰাম্য অঞ্চলত ব্যৱসায়- বানিজ্যৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰি আহিছে। মহাপুৰুষ মাধৱ দেৱক বিদায় দিয়া মূহুৰ্তৰ পৰাই যদিও ভঠেলি মেলা পৰম্পৰাগত ভাৱে ৰামদিয়াত অনুস্থিত হৈ আহিছে তথাপিও এই ভঠেলি উৎসৱ  এক কৃষি ভিত্তিক উৎসৱ। এই ভঠেলি উৎসৱৰ লগত গ্ৰাম্য অৰ্থনীতিৰ জৰিত হৈ থকা” বুলি উল্লেখ কৰে ভাণ্ডাৰ কায়স্থই। ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি বলোৰাম কলিতাই শলাগৰ শৰাই আগবঢ়োৱা অনুস্থানত বিশিষ্ট শিক্ষাবিদ ড: ভবেন্দ্ৰ কলিতাৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments