কৰীণা-কৰিশ্মাই উদ্‌যাপন কৰিলে ৰণধীৰ কাপুৰৰ জন্মদিন

কৰীণা-কৰিশ্মাই উদ্‌যাপন কৰিলে ৰণধীৰ কাপুৰৰ জন্মদিন

পূজাশ্ৰী কলিতা

আজি বলীউডৰ প্ৰবাদ প্ৰতীম অভিনেতা ৰণধীৰ কাপুৰৰ ৭২সংখ্যক জন্মদিন৷ ১৫ ফেব্ৰুৱাৰী, ১৯৪৭ চনত অভিনেতা ৰণধীৰ কাপুৰৰ জন্ম হয়। আজি ৰণধীৰ কাপুৰৰ জন্মদিন উদ্‌যাপন‌ কৰে তেখেতৰ দুই পুত্ৰী কৰীণা কাপুৰ আৰু কৰিশ্মা কাপুৰৰ লগতে পত্নী আৰু জোঁৱাই চৈফ আলী খানৰ সৈতে। ৰণধীৰ ‌কাপুৰ হ'ল ভাৰতৰ বিখ্যাত কাপুৰ পৰিয়ালৰ সদস্য৷ দেশৰ চলচ্চিত্ৰ জগতৰ সুপৰিচিত কাপুৰ পৰিয়ালৰ বিখ্যাত ৰাজকাপুৰৰ তিনি পুত্ৰৰ ভিতৰত ৰণধীৰ কাপুৰ হ'ল জ্যেষ্ঠ।

কৰীণা-কৰিশ্মাই উদ্‌যাপন কৰিলে ৰণধীৰ কাপুৰৰ জন্মদিন

কাপুৰ পৰিয়ালৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰৰ দৰে তেখেতে বলিউডত সফলতা অৰ্জন কৰিব নোৱাৰিলে যদিও তেওঁ অভিনয় কৰা ছবিসমূহে এতিয়াও ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীক ৰোমাঞ্চিত কৰি ৰাখিছে৷ তেখেতে প্ৰথম শিশু অভিনেতাৰূপে ৰাজকাপুৰৰ ছবি "স্ত্ৰী ৪২০"ত ভূমুকি মাৰে। ১৯৭১ চনত "কাল আজ ঔৰ কাল"ৰ জৰিয়তে তেখেতে বলীউডত এজন যুৱ অভিনেতাৰূপে প্ৰথম খোজ পেলায়। কসমে ৱাডে, মামা ভাঞ্জা আদি ছবিৰ বাবে তেখেত সদায় দৰ্শকৰ মাজত স্মৰণীয় হৈ থাকিব।

Your Comments