কাশ্মীৰত সুস্থভাৱে আছে নগাঁৱৰ জোৱান অনন্ত শইকীয়া

কাশ্মীৰত সুস্থভাৱে আছে নগাঁৱৰ জোৱান অনন্ত শইকীয়া

বিশেষ প্ৰতিবেদক, কামপুৰ

কাশ্মীৰত সুস্থভাৱে আছে নগাঁৱৰ চিআৰপিএফ জোৱান অনন্ত শইকীয়া৷ উল্লেখ্য যে বৃহস্পতিবাৰে চিআৰপিএফ বাহিনীৰ কনভয়ত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল৷ উক্ত ঘটনাত ৪৪জন চিআৰপিএফ জোৱান ছহিদ হয়৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত অনন্ত শইকীয়া নামৰ নগাঁও জিলাৰ কঠীয়াতলীৰ গৰুবন্ধাৰ চিআৰপিএফত কৰ্মৰত জোৱানগৰাকী ছহিদ হোৱা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ হয়৷ মুহূৰ্ততে জোৱানগৰাকীৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰে।

সেই খবৰৰ ভিত্তিত আমাৰ প্ৰতিনিধি উপস্থিত হয় অনন্ত শইকীয়াৰ বাসগৃহত। কথা পাতে তেখেতৰ বায়েকৰ লগত। কথা পাতি জানিব পৰামতে, অনন্ত শইকীয়া সম্পূৰ্ণ সুস্থ অৱস্থাত আছে৷ আক্ৰমণ সংঘটিত হোৱা গাড়ীখনৰ আগৰ গাড়ীখনত আছিল অনন্ত। এই কথা আজি পুৱা নিজে পৰিয়ালক ফোনযোগে জনায় অনন্তই। বৃহস্পতিবাৰৰ এই দুখজনক খবৰে কিছু সময়ৰ কাৰণে অঞ্চলবাসীৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হয় যদিও পুৱা অনন্ত শইকীয়াই নিজে বায়েকৰ লগত কথা পতাৰ পিছত সকলোৱে স্বস্তিৰ নিশ্বাস পেলায়৷

Your Comments