আজি মোহময়ী মধুবালাৰ জন্মদিন

madubala_Actress_hindi

আজি হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী মধুবালাৰ জন্মদিন৷ যাৰ আবেদনত আজিও মোহাবিষ্ট হিন্দী ছবিপ্ৰেমী, সেই মধুবালাৰেই আজি ৮৬ সংখ্যক জন্মদিন৷ ১৯৩৩ দিল্লীত জন্মগ্ৰহণ কৰা মমতাজ জাহাঁ বেহম দেহলবী অথবা মধুবালাই ৯ বছৰ বয়সতে শিশু শিল্পী হিচাপে চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰিছিল৷

১৯৪৭ চনত মুক্তিলাভ কৰা 'নীলকমল' তেওঁৰ এখন উল্লেখযোগ্য ছবি৷ অশোক কুমাৰৰ সৈতে তেওঁ 'মহল' নামৰ ব্লকবাষ্টাৰ ছবিখন উপহাৰ দিছিল৷ অৱশ্যে মধুবালাক হিন্দী ছবি অনুৰাগীয়ে অধিকভাৱে মনত পেলাই 'মোগল-এ-আজম'ত অনাৰকলিৰ চৰিত্ৰ ৰূপায়ণৰ বাবে৷

dodal_gogol_

১৯৬৯ চনৰ ২৩ ফেব্ৰুৱাৰীত মাত্ৰ ৩৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটিছিল উজ্জ্বল হাঁহি আৰু মুখৰ মোহময়ী অভিনেত্ৰীগৰাকীৰ৷ আজি ছাৰ্চ ইঞ্জিন গুগলে এটা বিশেষ ডুডল প্ৰস্তুত কৰি মধুবালাক সোঁৱৰে৷

Your Comments